
তামুলপুৰৰ কুমৰীকাটাত দহ শতাধিক লোকে যোগদান কৰিলে ইউপিপিএলত দলত।
তামুলপুৰ ১৮ জুলাই।
বিটিআৰ নিৰ্বাচনক লৈ বড়োভূমিত ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে ব্যাপক তৎপৰতা। বিজেপি, বিপিএফ আৰু ইউ পি পি এলে একক ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ’ৱ বুলি ঘোষণা কৰাৰ পাছতে গৰম হৈ উঠিছে বিটিআৰৰ নিৰ্বাচনী বতাহ । বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউ পি পি এলে দলেও এককভাৱে চৰকাৰ গঠনৰ লক্ষ্যৰে নামি পৰিছে নিৰ্বাচনী ৰণত । বিটিচিৰ ৪০ টা সমষ্টিতে নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ৱ ইতিমধ্যে ঘোষণা কৰিছে ইউ পি পি এলে। সমষ্টিয়ে সমষ্টিয়ে তৃণমূল পৰ্যায়ত সাংগঠনিক সভা অনুষ্ঠিত কৰি শক্তি প্ৰদৰ্শন কৰিছে ইউপিপিএল দলে। আজি ২৭ নম্বৰ নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ ১ নং পুৱা কুমাৰীকাটাত ইউ পি পি এল দলে এখন যোগদান সভা অনুষ্ঠিত কৰে। নাগ্ৰিজুলি ব্লক ইউ পিপিএলৰ সভাপতি হৰী গৌতমৰ সভাপতিত্ব অনুষ্ঠিত হোৱা যোগদান সভাত দহ শতাধিক লোকে আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰে। ১ নং পুৱা কুমাৰীকাটা ভিচিডিচিৰ অধ্যক্ষ মিৰজান আলীয়ে আঁত ধৰা যোগদান সভাখত তামুলপুৰ বিধায়ক জলেন দৈমাৰী, চি ডাব্লও চিৰ সদস্য ধুন চুব্বা, তামুলপুৰ জিলা ইউপিপিএলৰ দলৰ সম্পাদক গনেশ নাথ, নাগ্ৰিজুলি ব্লক ইউপিপিএলৰ সাধাৰণ সম্পাদক ফুংগুলি মুছাহাৰীৰ লগতে তিনি শতাধিক লোক উপস্থিত থাকে।