তামুলপুৰৰ এখন বড়ো অধ্যুষিত গাওঁ হ’ল গেৰুৱাময় ৷ প্ৰাক্তন বিএলটি সদস্যৰ বিজেপিত যোগদান ৷ 

Telegram

তামুলপুৰৰ এখন বড়ো অধ্যুষিত গাওঁ হ’ল গেৰুৱাময় ৷

প্ৰাক্তন বিএলটি সদস্যৰ বিজেপিত যোগদান ৷ 

 

তামুলপুৰ ২২ জুন

 

আগন্তুক বিটিআৰ নিৰ্বাচনকলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ জিলাত বিজেপিয়ে আৰম্ভ হৈ নিৰ্বাচনী তৎপৰতা ৷ মিত্ৰজোঁটৰ দল বিজেপিয়ে যুদ্ধং দেহী মনোভাৱেৰে চৰকাৰী আঁচনি সমূহৰ সফলতাকলৈ ৰাইজৰ মাজত সাংগঠনিক ভেটি সুদৃঢ় কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলোৱা পৰিলক্ষিত হৈছে বিজেপি দল ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বন্দুত্বপূৰ্ণ ভাবে বিটিআৰ নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ কথা ৰাজহুৱা কৰিলেও বিজেপি দলে জনসাধাৰণৰ মাজত গেৰুৱা দলটোৰ শক্তিশালী আৰু ভেটি সুদৃঢ় কৰাত দিনে নিশাই পাৰিষদে পাৰিষদে কৰিছে কাম৷ আজি ২৬ নং দৰংগাজুলি পৰিষদীয় সমষ্টিত বিটিআৰৰ পাৰিষদ বিজিৎ গৗৰা নাৰ্জাৰীৰ নেতৃত্বত

বড়ো অধ্যুষিত পলাশগুৰী গাঁওখনৰ প্ৰত্যকঘৰ লোকে একেলগে যোগদান কৰিলে বিজেপিত ৷

স্থানীয় পাৰিষদ বিজিৎ গৌৰা নাৰ্জাৰীৰ উদ্যোগত গাঁওখনৰ ৯০ টাকৈ পৰিয়ালে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰি, বিজেপি চৰকাৰে কৰা উন্নয়নমূলক কাম কাজৰ প্ৰশংসা কৰে। দৰংগাজুলি মণ্ডল বিজেপিৰ সভাপতি ৰীদিপ দাসৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত তামুলপুৰ জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি মৃদুল ব্ৰহ্ম, দলৰ নেতা সোমনাথ বসুমতাৰী অংশ গ্ৰহন কৰি দলৰ হৈ বক্তব্য ৰাখি কয়— বিটিচিত বিজেপি দল প্ৰৱেশ কৰাত বিটিআৰৰ উন্নয়ন ত্বৰান্বিত হৈছে ৷ সেয়ে আজি দলে দলে জনগোষ্ঠীয় লোকসকলে আমাৰ দলত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। প্ৰাক্তন বি এল টি দীপক নাৰ্জাৰীৰ লগতে প্ৰাক্তন বি এল টি সদস্য সকলে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ইপিনে একেদিনাই অঞ্চলটোৰ কুমাৰপাৰা নামৰ গাঁওতো বিজেপিয়ে অনুষ্ঠিত কৰা এক যোগদান সভাত শতাধিক লোকে বিজেপি দলত যোগদান কৰে। আজিৰ যোগদান সভাত মণ্ডল বিজেপিৰ সম্পাদক বিকাশ চেত্ৰী সহ নোমল কলিতা, পলাশগুৰী গাঁৱ উন্নয়ন সমিতিৰ সদস্য সকল গাঁৱৰ ৰাইজ উপস্থিত থাকে ৷

  • Related Posts

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *