তামুলপুৰৰ আঙাৰকাট,ঢেকিয়াবস্তীত বনৰীয়া হাতীৰ উপদ্ৰৱ কে’বাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড

  • Current
  • December 28, 2024
  • 0 Comments
Telegram

তামুলপুৰৰ আঙাৰকাট,ঢেকিয়াবস্তীত বনৰীয়া হাতীৰ উপদ্ৰৱ

কে’বাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড

 

হাতীৰ আক্ৰমণত আহত এজন

 

তামুলপুৰ,২৮ ডিচেম্বৰ

তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্ৰৱ ৷ ৷ কালি নিশাও ভূটান সীমান্তৰ ডোহা আঙাৰকাটা, লক্ষ্মীনাৰায়নপুৰ, ঢেকীয়াবস্তিত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই

কে’বাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰাৰ লগেত ঘৰৰ আচবাব ভাঙি লণ্ড কৰে ৷

৷বনৰীয়া হাতীয়ে ডোহা আঙাৰকাটাৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভাঙি ধ্বংস স্তুপত পৰিণত কৰাৰ লগতে দিন হাজিৰা কৰি গোটাই থোৱা ধান আৰু চাউল খায় তহিলং কৰে ৷ হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ এহাল বৃদ্ধ দম্পত্তি ৷ ইপিনে লক্ষ্মীনাৰায়নপুৰৰ এটি পৰিয়ালৰ ঘৰ ভাঙি ধানৰ ডুলি উলিয়াই নি খায় তহিলং কৰে প্ৰায় বিশ মোন ধান৷ ইপিনে হাতীৰ জাকে ঢেকীয়াবস্তীটো কে’বাটাও পৰিয়ালৰ ঘৰ ভঙাৰ লগতে এটা টেন্টৰ ব্যৱসায় কৰা পৰিয়ালৰ

হাতীয়ে ভাঙি নষ্ট কৰে গেচৰ চুলা ৷ উলিয়াই নিয়ে গেচ চিলিণ্ডাৰ পৰ্যন্ত৷

 

ইপিনে তামুলপুৰ জিলাৰ ভূটান সীমান্তৰ বগাজূলীত

আজি পুৱা দহমান বজাত বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত এজন যুৱক ৷ আহত যুৱকজন ভূটান সীমান্তৰ ৰাহুল আলি (২২) বুলি জানিব পৰা গৈছে ৷ মানসিক ভাৱে কিছু অসুস্থ যুৱক জনে আজি পুৱা দহ মান বজাত দৰংগামেলাৰ পৰা ৰঙিয়া ভূটান পথেৰে খোজকাঢ়ি আহি থাকোতে বগাজূলিত হঠাৎ পথৰ কাষৰ হাবিয়নিৰ পৰা ওলায় অহা এটা হাতীয়ে আক্ৰমণ কৰি শুৰেৰে আচাৰি দিয়াত গুৰুতৰ ভাৱে আহত হয় যুৱক জন ৷ পিচত বনবিভাগৰ লোক ঘটনাস্থলিত উপস্থিতহৈ স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ আহত যুৱকজনক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তী কৰায় ৷

  • Related Posts

    • Current
    • June 20, 2025
    • 5 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *