তামুলপুৰত কাইলৈ এপি চিচিৰ সভাপতি গৌৰৱ গগৈৰ পদাৰ্পণ–কংগ্ৰেছ কৰ্মীৰ মাজতে সৰ্বত্ৰে উৎসাহ-উদ্দীপনাঃ

Telegram

তামুলপুৰত কাইলৈ এপি চিচিৰ সভাপতি গৌৰৱ গগৈৰ পদাৰ্পণ–কংগ্ৰেছ কৰ্মীৰ মাজতে সৰ্বত্ৰে উৎসাহ-উদ্দীপনাঃ

 

তামুলপুৰ,১৩জুনঃ

 

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিৰ্বাচিত সভাপতি, সাংসদ গৌৰৱ গগৈ কাইলৈ তামুলপুৰত পদাৰ্পণ কৰিব৷ যুৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় সাংসদ তথা এপিচিচিৰ সভাপতি গৰাকীয়ে পোনতে প্ৰাক্তন মন্ত্ৰী পদুম বাহাদুৰ চৌহানৰ নাগ্ৰীজুলিস্থ বাস ভৱনত দিনৰ ১০:৩০ বজাত উপস্থিত হৈ স্থানীয় জ্যেষ্ঠ নাগৰিক সকলৰ সতে মতবিনিময় কৰাৰ পিছত তামুলপুৰস্থ ৰাজীৱ ভৱনত উপস্থিত হব৷ইয়াৰ পিছতে তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ দ্বাৰা তামুলপুৰ দুৰ্গা মন্দিৰত ১১:০০ বজাত আয়োজন কৰা এক কৰ্মী সভাত উপস্থিত থাকিব ৷

তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি যশোৱন্ত চৌহানে জানিবলৈ দিয়া মতে ইয়াৰ পিছতে তেওঁ এক প্ৰেছমিটত উপস্থিত থাকিব৷

৷ নৱ নিৰ্বাচিত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৰাকীক আদৰিবলৈ ইতিমধ্যে তামুলপুৰ ৰাজীৱ ভৱন আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৷ এই লৈ কংগ্ৰেছ কৰ্মী বিশেষকৈ যুৱ কংগ্ৰেছী সকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে ৷##

  • Related Posts

    নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা :

    Telegram

    TelegramTweetনাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ কাউলীত বিজেপি প্ৰাৰ্থী ভজন দাসৰ নিৰ্বাচনী প্ৰচাৰ বিটিচিত বিজেপি চৰকাৰ লাগিবই — ডঃ হিমন্ত বিশ্ব শৰ্মা : তামুলপুৰ , ১৬ ছেপ্টেম্বৰ : অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হব…

    গোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ

    Telegram

    TelegramTweetগোৰেশ্বৰত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ভূপেন বৰাৰ তীব্ৰ আক্রমণ গোৰেশ্বৰ, ১৫ ছেপ্টেম্বৰঃ   বিটিআৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে গোৰেশ্বৰত অনুষ্ঠিত ব্লক কংগ্ৰেছৰ নিৰ্বাচনী সভাত আজিৰ দিনটোত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *