তামুলপুৰত ৰঙীন কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

  • Current
  • August 15, 2025
  • 0 Comments
Telegram

তামুলপুৰত ৰঙীন কাৰ্যসূচীৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন

 

তামুলপুৰ, ১৫ আগষ্ট:

 

দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস তামুলপুৰ জিলাত যথাযোগ্য মর্যাদাৰে উদযাপন কৰা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত মুখ্য অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জাতীয় পতাকা উত্তোলন কৰি চৌদিশৰ পৰা উপস্থিত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাৰ্চ পাৰ্চৰ অভিবাদন গ্ৰহণ কৰে।

 

পতাকা উত্তোলনৰ পিছত জিলা আয়ুক্ত গৰাকীয়ে স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদ সকলক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সূদীৰ্ঘ ভাষণত তেওঁ বিগত সময়চোৱাত তামুলপুৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কাৰ্যৰ বিৱৰণ দি আগন্তুক দিনত অঞ্চলটোৰ শান্তি, একতা আৰু সমৃদ্ধিৰ বাবে একত্ৰে কাম কৰিবলৈ আহ্বান জনায়।

 

আজিৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ চামদ্ৰুপ ঝংখাৰৰ আয়ুক্ত দাচো টাচি ৱাংখো, যি এটা প্ৰতিনিধি দলসহ অংশগ্ৰহণ কৰে। লগতে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰী, হেমন্ত কুমাৰ ৰাভা আৰু বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু গণ্যমান্য ব্যক্তি সকলে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

কাৰ্যসূচীৰ অংশ হিচাপে আৰক্ষী, এছএছবি, NCC ৰ লগতে ১২ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মাৰ্চ পাৰ্চত অংশগ্ৰহণ কৰে। লগতে তামুলপুৰ জিলাৰ বৈচিত্ৰ্যময় সংস্কৃতি প্ৰতিফলিত কৰি বড়ো, ৰাভা, আদিবাসী, শৰণীয়া কছাৰী, গোৰ্খা আদি জনগোষ্ঠীৰ শিল্পীগণে মনোৰম নৃত্য প্ৰদৰ্শন কৰে।

 

দিনটোৰ ৰঙীন অনুষ্ঠানত উপস্থিত প্ৰেক্ষকসকলৰ মাজত দেশপ্ৰেমৰ নতুন উৎসাহ জাগ্ৰত হয়, আৰু সমগ্ৰ জিলাই স্বাধীনতাৰ মূল্যবোধ আৰু ঐক্যৰ বার্তা পুনৰ প্ৰতিধ্বনিত কৰে।

 

  • Related Posts

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ

    Telegram

    TelegramTweetতামুলপুৰত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ আক্ৰাছুৰঃ     তামুলপুৰ,১১ ছেপ্টেম্বৰঃ কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত কালি নিশা ধুবুৰী জিলাৰ গোলোকগঞ্জত আক্ৰাছুৰ উদ্যোগত…

    • Current
    • September 11, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা

    Telegram

    TelegramTweetতামুলপুৰত অৱসৰি গাঁও প্ৰধানক বিদায় সম্বৰ্ধনা   তামুলপুৰ,১২ ছেপ্তেম্বৰ-   তামুলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ অধীনষ্ঠ তিনি গৰাকী অৱসৰী গাঁও প্ৰধানক কালি আনুস্থানিক ভাৱে বিদায়় সম্বৰ্ধনা জনোৱা হয় ৷ তামুলপুৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *