তামুলপুৰত ৬২৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি, বাইচাইকেল আৰু চেক বিতৰন।

  • Current
  • December 14, 2024
  • 0 Comments
Telegram

তামুলপুৰত ৬২৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি, বাইচাইকেল আৰু চেক বিতৰন।

পঢ়াৰ সমান্তৰালকৈ খেলা ধুলা, সাহিত্য, সংগীতৰ চৰ্চা কৰক ছাত্ৰ-ছাত্ৰী সকলে— মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

তামুলপুৰ ১৪ ডিচেম্বৰ।

 

পঢ়াৰ সমান্তৰালকৈ খেলা ধুলা, সাহিত্য, সংগীতৰ চৰ্চা কৰক ছাত্ৰ-ছাত্ৰী সকলে। —এই মন্তব্য অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজি তামুলপুৰৰ শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান‌ সত্ৰত ‘বিকাশৰ ১২ দিন’ অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী বৰুৱাই পুণৰ কয়— অসম চৰকাৰে প্ৰদান কৰা স্কুটি, বাইচাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাই ছাত্ৰ-ছাত্ৰী সকলৰ জীৱনৰ অমূল্য সম্পদ হৈ থাকিব। বঁটা পোৱা ছাত্ৰ-ছাত্ৰী সকল অনাগত দিনৰ আদৰ্শৰ প্ৰতিক হৈ ৰব। আজি লাভ কৰা এই বটাঁটোৱে জীৱনত আগবাঢ়ি যাবলৈ অধিক উৎসাহিত কৰিব। অসম মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ বাবে আজি অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে এনেধৰণৰ বটাঁ লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মন্তব্য কৰে। তামুলপুৰত আই টি আইৰ শিক্ষানুষ্ঠান স্থাপন কৰা কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয়— তামুলপুৰত ইতিমধ্যে আই টি আইৰ শিক্ষানুষ্ঠানৰ বাবে অসম চৰকাৰে কম দিনৰ ভিতৰতে অনুমোদন আগবঢ়াব। এই আই টি আই শিক্ষানুষ্ঠান খনহ’লে তামুলপুৰ ছাত্ৰ-ছাত্ৰীৰ সকল শিক্ষাৰ ক্ষেত্ৰত অধিক আগবাঢ়ি যাব পাৰিব। তামুলপুৰ জিলাৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে আদৰণি ভাষণ ৰখা সভা খনত তামুলপুৰ বিধায়ক জলেন দৈমাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই ছাত্ৰ-ছাত্ৰী সকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাঢ়ি যাবলৈ আহ্বান জানাই। বিধায়ক গৰাকীয়ে পুণৰ কয়— ছাত্ৰ-ছাত্ৰী সকলক আগুৱাই নিয়াৰ বাবে আগতে কোনো এখন চৰকাৰে এনেধৰণৰ আঁচনি হাতত লোৱা নাছিল। কিন্তু ড° হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে ছাত্ৰ-ছাত্ৰী সকল আগুৱাই নিয়াৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছে বুলিও মন্তব্য কৰে। শিক্ষা, উদ্যোগ, বিত্ত আৰু ৰাজহ বিভাগৰ আঁচনিৰ সম্ভাৰেৰে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা বিকাশৰ ১২ দিন এই কাৰ্যসূচীৰ পিছত জিলাই জিলাই মন্ত্ৰী সকলৰ উপস্থিতিত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷ তামুলপুৰ জিলাখনৰ ছাত্ৰ-ছাত্ৰী সকলক আজি প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণিকান্ত কাকতি মেধাৰ বঁটাৰ অধিনত ৪৬৮ গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি, মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধিনত নৱম শ্ৰেণীৰ ৫৪২০ গৰাকী ছাত্ৰ-ছাত্ৰীক বাইচাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ আধিনত হাইস্কুলত শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বাবে তাতোধিক নম্বৰ লাভ কৰা ৩৯৮ গৰাকী ছাত্ৰ ছাত্ৰীক চেক বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত বি টি আৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰণ দাস, এম চি এল বিজিৎ গৌৰা নাৰ্জাৰী, মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, তামুলপুৰ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী সকল উপস্থিত থাকে। বটাঁ প্ৰদান অনুষ্ঠানৰ পিছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তামুলপুৰ জিলাত স্বাস্থ্যসেৱা শক্তিশালী কৰা আৰু প্ৰয়োজনীয় লোকসকলৰ বাবে চিকিৎসা সেৱা সুলভ কৰাৰ ক্ষেত্ৰত তামুলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ত চাৰিখন বিছনাযুক্ত ডায়েলাইছিছ ইউনিট এটাৰ শুভাৰম্ভ কৰে। ইপিনে সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কংগ্ৰেছৰ দলৰ সভাপতি ভূপেন বাৰৰ বিৰুদ্ধে সৰব হৈ তেওঁ কয়– ভূপেন বৰাই একো‌ নাজানে। তেওঁ হাৰা মানুহ। ভূপেন বৰা অযোগ্য। তেওঁ অযোগ্য বাবে চাৰি পাচ বাৰ হৰিছে। হাৰাৰ মানুহে জিকা মানুহক উপলুঙা কৰিব নাপাই। কংগ্ৰেছে গান্ধী পৰিয়ালৰ পিছে পিছে দৌৰিলে হাৰিবই। কুকুৰৰ, মেকুৰী, ছাগলীক কেনেকৈ সাংসদ বনাব পাৰে তাৰ চিন্তা চালাই আছে গান্ধী পৰিয়ালে। সাংবাদিক আন এক প্ৰশ্ন উত্তৰত মন্ত্ৰী বৰুৱাই কয়– আমি বিকাশৰ ৰাজনীতি কৰিছোঁ। উন্নয়নৰ ৰাজনীতি কৰিছোঁ। শিৱসাগৰত কেবিনেট পতাৰ কথা চিন্তা কৰাৰ বাবে অখিল গগৈক মই ধন্যবাদ জনাইছোঁ।

  • Related Posts

    • Current
    • September 17, 2025
    • 9 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 15 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *