তামুলপুৰত স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ তিনিদিনীয়া কৰ্মবিৰতি।

Telegram

তামুলপুৰত স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ তিনিদিনীয়া কৰ্মবিৰতি।

তামুলপুৰ, ৪ মাৰ্চঃ

 

 

তামুলপুৰত স্বাস্থ্য বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ তিনিদিনীয়া কৰ্মবিৰতি।

 

আমাৰ খবৰ, তামুলপুৰ, ৪ মাৰ্চঃ

 

সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো প্ৰাথমিক স্বাস্থ্য বিভাগৰ অধীনষ্ঠ ঠিকাভিত্তিক কৰ্মচাৰী সকলে আজিৰে পৰা ৬ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰহণ কৰিছে কৰ্মবিৰতি। তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদত শতাধিক স্বাস্থ্যবিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। 

নতুনকৈ স্থাপন হোৱা স্বাস্থ্য প্ৰতিষ্ঠানত সৃষ্টি হোৱা বৰ্তমানৰ খালী পদ আৰু নতুন খালী পদত বিশেষ নিযুক্তি ড্ৰাইভৰ জৰিয়তে সকলো এন এইচ এম কাৰিকৰী কৰ্মচাৰীৰ বাবে সেৱা নিয়মীয়াকৰণ আৰু এন এইচ এমৰ কৰ্মচাৰীসকলক খালী পদত মকৰল নকৰালৈকে নতুন নিযুক্তি স্থগিত ৰখা। অষ্টম পে কমিছনৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া বলবৎ নোহোৱালৈকে, ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি পোৱা বকেয়া দৰমহা তৎকালীনভাৱে মুকলি কৰি পে ফিক্সেচনৰ সৈতে সপ্তম পে কমিছনৰ পৰামৰ্শৰ সমতুল্য দৰমহা প্ৰদান কৰা আৰু ২০১৩ চনৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ ২১৩ নং ৰায়দান অনুসৰি “সমান কামৰ বাবে সমান দৰমহা”ৰ লগতে গ্ৰেচুইটি, সমান ছুটী পলিচি, সমান পেঞ্চন আঁচনি, সমান স্বাস্থ্য বীমা আঁচনি, সমান বেংক ঋণৰ সুবিধা আদি ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ দৰেই কাৰ্যকৰী কৰাৰ দাবীত প্ৰতিবাদকাৰী ঠিকাভিত্তিক কৰ্মচাৰী সকলে উই ওৱান্ট জাষ্টিজ, এন এইচ এম জিন্দাবাদ, আঠুৱা জিন্দাবাদ, উই নিড পে স্কেল, আমাৰ দাবী মানি লওঁক আদি শ্লোগান দি উত্তাল কৰি তোলে তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ চৌহদ।###

 

  • Related Posts

    • Current
    • June 19, 2025
    • 2 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 3 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *