তামুলপুৰত মেজি প্ৰজ্বালন কৰি অসমবাসীক ভোগালী বিহুৰ শুভকামনা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

  • Current
  • January 14, 2025
  • 0 Comments
Telegram

তামুলপুৰত মেজি প্ৰজ্বালন কৰি অসমবাসীক ভোগালী বিহুৰ শুভকামনা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

 

তামুলপুৰ ১৪ জানুৱাৰীঃ

 

তামুলপুৰ জিলা আৰু ২৮ নম্বৰ গয়বাৰী ব্লক ইউপিপিএল যুৱ শাখাৰ উদ্যোগত জিলাখনৰ মটঙাপাৰত আজি ভোগালী বিহু উদযাপন অনুষ্ঠানত উপস্থিত থাকি মেজি প্ৰজ্বালন কৰে বিটিআৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে। আজিৰ অনুষ্ঠানত উপস্থিত থাকি বিটিআৰ প্ৰধান গৰাকীয়ে বিটিআৰৰ ৰাইজৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

এইক্ষেত্ৰত শ্ৰী বড়োৱে বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰা অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বৃহত্তৰ অসমীয়া জাতিৰ প্ৰত্যেককে মাঘ বা ভোগালী বিহুৰ নিচিনা আমাৰ পৰম্পৰা সমূহ ৰক্ষা কৰিবলৈ আহ্বান জনায়। আজিৰ এই কাৰ্যসূচীত বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, প্ৰাক্তন বিধায়ক ছণ্ডী বসুমতাৰী, বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো সহ তামুলপুৰ জিলা আৰু গয়বাৰী মণ্ডল যুৱ ইউপিপিএলৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত আছিল।

  • Related Posts

    • Current
    • September 14, 2025
    • 3 views
    • 1 minute Read
    তামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল

    Telegram

    TelegramTweetতামুলপুৰত UPPL ৰ যোগদান সভা, তিনিশতাধিক লোকৰ দলবদল।   তামুলপুৰ, ১৪ ছেপ্টেম্বৰঃ বিটিআৰৰ ৰাজনৈতিক ক্ষেত্ৰত পুনৰবাৰ UPPL দলে বলীয়ান উপস্থিতি জনালে। দলৰ নীতি-আদৰ্শ আৰু সভাপতি প্ৰমোদ বড়োৰ নেতৃত্বত হোৱা উন্নয়নৰ…

    • Current
    • September 14, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।

    Telegram

    TelegramTweetতামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন  প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।     বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *