তামুলপুৰত মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ।

Telegram

তামুলপুৰত মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাৰ উত্তাল প্ৰতিবাদ।

৯ ডিচেম্বৰত জালুকবাৰীৰ ৰাজপথ কপাব মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাই।

 

সদৌ অসম প্রাথমিক আৰু উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাই আজি তামুলপুৰ শিক্ষা খণ্ডৰ অন্তর্গত সমূহ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত ৮০০ গৰাকী মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সকলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি তামুলপুৰৰ ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে– ৰান্ধনী সহায়িকা সকলৰ দৰমহা বৃদ্ধি কৰক, আমাক অৰুণোদয় আঁচনি দিয়ক, কঙ্খ মামা হুচিয়াৰ, আমাক প্ৰাপ্য প্ৰদান কৰা, শিক্ষামন্ত্ৰী হুচিয়াৰ, প্ৰমোদ বড়ো মূৰ্দাবাদ, আদি শ্লোগান দি তামুলপুৰৰ আকাশ বতাহ কপাই তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তামুলপুৰ শিক্ষক ভৱনত এখন সাধৰণ সভা অনুষ্ঠিত কৰি সদৌ অসম প্রাথমিক ও উচ্চ প্রাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সন্থাই ৯ ডিচেম্বৰৰ তাৰিখে প্ৰাপ্য বিচাৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীত ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে সন্থাৰ এলানি বৃহৎ প্ৰতিবাদী কাৰ্যসূচীও ঘোষণা কৰে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সন্থাৰ উপদেষ্টা তৃষ্ণা নাথ, সভানেত্ৰী সবিতা বড়ো, সাম্পাদিকৰ সুনীল ৰংপিৰ লগতে গুৱাহাটী, শিৱসাগৰ, ওদালগুৰি, চিৰাং, বাক্সাৰ লগতে তামুলপুৰ জিলাৰ ৰান্ধনী সহায়িকা সকল উপস্থিত থাকে।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *