তামুলপুৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে এবছুৰ শোভাযাত্রা।

Telegram

তামুলপুৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ উদ্দেশ্যে এবছুৰ শোভাযাত্রা।

 

বড়ো জনগোষ্ঠীৰ ভাষা, সংস্কৃতি, শিক্ষাৰ বিকাশৰ উদ্দেশ্যে দিল্লীত ১৫ আৰু ১৬ নৱেম্বৰত বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’ব বড়োলেণ্ড মহোৎসৱ। বড়োলেণ্ড মহোৎসৱৰ কাৰ্যসূচীত ১৫ নৱেম্বৰত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তদুপলক্ষে এই বড়োলেণ্ড মহোৎসৱলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক স্বাগতম জনাই তামুলপুৰ নিখিল বড়ো সাহিত্য সভা আৰু তামুলপুৰ জিলা বড়ো সাহিত্য সভাই ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে এক আদৰণি শোভাযাত্রা উলিয়াই। নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা আৰু বড়ো সাংস্কৃতিক মঞ্চৰ উদ্যোগত উলিওৱা হয় এই আদৰণি শোভাযাত্রাত। শোভাযাত্ৰাত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিনয় কুমাৰ নাৰ্জাৰী, তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি বানেশ্বৰ নাৰ্জাৰী, তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উপ সভাপতি ফুকন বড়োৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতা কৰ্মী সকল। তামুলপুৰ জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয় পৰা আৰম্ভ কৰা এই শোভাযাত্ৰাটো তামুলপুৰ ঘগ্ৰাচ’কলৈ গৈ পুণৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সামৰণি পৰে।

  • Related Posts

    কচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন। 

    Telegram

    TelegramTweetকচুবাৰীত শনি মন্দিৰ আধাৰশিলা স্থাপন।      তামুলপুৰঃ৩০ আগষ্টঃ     তামুলপুৰৰ কচুবাৰীত আজি এক মাংগলিক পৰিৱেশত এটি শনি মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয়।হেমচিং বড়োৰ পৰিয়ালবৰ্গই দান কৰা উক্ত ভূমিত…

    বিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।

    Telegram

    TelegramTweetবিটিচি নিৰ্বাচনৰ নিৰ্বাচনী আচৰণ বিধি বলবত  ৫ বছৰৰ প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল চৰকাৰ বিফল।   বিটিচিৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰিও ফলাফল ঘোষণা কৰিব নোৱাৰাৰ উপৰিও বিটিআৰ স্পেচিয়েল টেটৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *