
তামুলপুৰত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা জব্দ, স্বত্বাধিকাৰী গ্ৰেপ্তাৰ
অভিযানকালত, সুৰা ভৰ্তি কাৰ্টুন সমূহ দেশীয় সুৰাৰ দোকানত অবৈধভাৱে বিক্ৰীৰ বাবে মজুত কৰি ৰখা হৈছিল। আৰক্ষীয়ে সন্দেহজনকভাৱে এই ষড়যন্ত্ৰ উন্মোচন কৰি সুৰাৰ কাৰ্টুনসমূহ জব্দ কৰে।
অভিযানৰ সময়ত আৰক্ষীয়ে দোকানখনৰ স্বত্বাধিকাৰী দীপাংকৰ দাসক আটক কৰি থানালৈ লৈ গৈ সোধোপোছ অব্যাহত ৰাখিছে। বৰ্তমান তদন্ত চলি আছে, আৰু আৰক্ষীয়ে অধিক তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে।
এই ক্ষেত্ৰত অধিক তথ্য লাভৰ বাবে আৰক্ষীৰ আনুষ্ঠানিক বিবৃতিৰ অপেক্ষা কৰা হৈছে।