
তামুলপুৰত বিশেষ ভাৱে সক্ষম লোক আৰু দৰিদ্ৰ বিধবা মহিলাৰ মাজত চেক বিতৰণ
তামুলপুৰ,২৪ আগষ্ট-
তামুলপুৰত আজি বিটিআৰ চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মানৱ সেৱা মিচনৰ অধিনত আবন্তিত বিশেষ ভাৱে সক্ষম লোক আৰু দৰদ্ৰ বিধবা মহিলাৰ মাজত চেক প্ৰদান কৰা হয় ৷ তামুলপুৰ জিলা বৰখোপা,গেৰুৱা,বানগুৰি,কচুবাৰীকে ধৰি বিভিন্ন প্ৰান্তৰ ৬ গৰাকী বিশেষ ভাৱে সক্ষম শিশু যুৱক সহ ৩ গৰাকী দৰিদ্ৰ পৰিয়ালৰ মহিলাক ঘৰে ঘৰে গৈ চেক সমুহ বিতৰণ কৰে বিটিআৰৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই ৷ চেক বিতৰন কৰি মনোনীত পাৰিষদ হেমন্ত কুমাৰ ৰাভা কয়, বিটিআৰ চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মানৱ সেৱা মিচনৰ অধিনত সমাজৰ দৰিদ্ৰ পৰিয়াল বিভিন্ন দুৰাৰোগত আক্ৰান্ত ৰোগী, বিশেষ ভাৱে সক্ষম লোক তথা বিধবা মহিলা সকলক সকাহ দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহন কৰা হৈছে ৷ তাৰ অংশ হিচাপে তামুলপুৰৰ বিশেষ ভাৱে সক্ষম আৰু বিধবা লোক সকলক ২৫ হেজাৰ আৰু বিধবা মহিলা সকলক ৫ হেজাৰ টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হয় ৷
ইয়াৰ দ্বাৰা দৰিদ্ৰ পৰিয়াল সমুহ কিছু হলেও লাভান্বিত হব বুলি তেও মন্তব্য কৰে ৷ আজিৰ চেক বিতৰণ কাৰ্যসূচীত মনোনীত সদস্য গৰাকীৰ লগত তামুলপুৰ মণ্ডল বিজেপিৰ সভাপতি ভৃগু ডেকা,সাধৰন সম্পাদক বিমল হাজৰিকা, তামুলপুৰ পৌৰ সভাৰ উপ সভাপতি অৰ্চনা চোধূৰী, অমৰ দাস,মণ্ডল বিজেপিৰ কৰ্মী অমৰ দাস, বানেশ্বৰ কলিতা,লংকেশ্বৰ ৰাভা, দীপিকা দাস সহ কেবা গৰাকী নেতা কৰ্মী উপস্থিত থাকে ৷