
তামুলপুৰত বিপিএফৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন
প্ৰমোদ বড়ো ৫০ টাও ভোট লাভ নকৰে।
বিগত পাছ বছৰত প্ৰমোদ প্ৰমোদ বড়োৱে যেনেকৈ ৰাইজক ঠগাইছিল থিক তেনেদৰে এইবাৰ বিটিচিৰ ৰাইজে প্ৰমোদ বড়োক ঠগাই দিয়ক– এই মন্তব্য বিপিএফৰ সভাপতি তথা প্ৰাক্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী। আজি তামুলপুৰৰ ২৬ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মনোনীত প্ৰাৰ্থী জীতেন মুছাহাৰীৰ হৈ বৰখাটাত আয়োজন কৰা নিৰ্বাচনী গণ সমাবেশত উপস্থিত থাকি তেওঁ পুণৰ কয়— বিটিচিত বিপিএফ চৰকাৰক ৰাইজে বিচাৰিছে। আমাৰ চৰকাৰ হ’লে আমি বিটিচিৰ সকলো জাতি জনগোষ্ঠীক সহায় কৰিম। আমাৰ চৰকাৰ হ’লে যি সকললোকে আইনী যুঁজত যুজি আছে তেওঁলোককো আমি আইনী যুঁজত সহায় কৰিম। আমি ইতিমধ্যেই ইস্তাহাৰত স্পষ্ট ভাৱে লিখিছো যে বিটিচিৰ সকলো জাতি জনগোষ্ঠীৰ যি ভূমিৰ সমস্যা আছে সেই ভূমিৰ সমস্যা সমাধান কৰিম। ভাষণ তেওঁ পুণৰ কয়—প্ৰমোদ বড়োৱে তামুলপুৰত টো জয় হ’ব নোৱাৰে কোকৰাঝাৰৰ দোতমাটো প্ৰমোদ বড়োৱে জয় হ’ব নোৱাৰে। প্ৰমোদ বড়োৰ এতিয়া পাপ লাগিছে। পাপ লগাৰ কাৰণ হ’ল বিগত পাছ বছৰে প্ৰমোদ বড়োৱে মহিলা সকলক ঠগাইছে। পূজাৰ পিছতেই বিটিছিত আমি পশ বিপিএফ দলে চৰকাৰ গঠন কৰিম। আমাৰ যুদ্ধ হ’ব নাঙল আৰু টেক্টৰ লগত। কিন্তু নাঙলে জয় হ’ব বুলিও মন্তব্য কৰে। তামুলপুৰ জিলা যুৱ বিপিএফৰ সাধাৰণ সম্পাদক চচিন্দ্ৰ ৰাভাই আঁত ধৰা সভাখনত যুৱ বিপিএফৰ কেন্দ্ৰীয় সভাপতি ৰিণজয় বড়োৱে প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়– প্ৰমোদ বড়োৱে ধ্বংস কৰা বিটিচিখন আমি বিপিএফ চৰকাৰে পুণৰ নিৰ্মাণ কৰি বিটিচি খন শক্তিশালী কৰিব লাগিব। প্ৰমোদ বড়োৱে এতিয়া ৰাইজৰ মাজলৈ যাবৰ সাহস নাই। চুইজাৰলেণ্ডৰ চিফে আত্মসন্মান ৰক্ষাৰ বাবে দুটা সমষ্টিত নিৰ্বাচনত খেলিছে। কিন্তু দূৰ্গা পূজাৰ আগতে হাগ্ৰামা মহিলাৰীক পুণৰ চিফ বনাই চুইজাৰলেণ্ডৰ চিফক বিদায় দিব লাগিব। চাকৰিৰ কেলেংকাৰীৰ অভিযোগ আনি তেওঁ পুণৰ কয়—–প্ৰমোদ বড়োৱে বিগত পাছ বছৰত চাকৰি দিয়াৰ নামত নিবনুৱা যুৱক যুৱতীৰ পৰা ধন লৈ চাকৰি দিছে। চাকৰি দিয়াৰ নামত চি এছ পিৰ অধ্যক্ষ গৰাকীয়ে বহু টকা সংগ্ৰহ কৰি চাকৰি দিব নোৱাৰি অধ্যক্ষ গৰাকীয়ে গুৱাহাটীত বাহৰ পাতিব লগা হৈছে বুলি সভাত উল্লেখ কৰি বিপিএফৰ চৰকাৰ আহিলে স্থানীয় নিবনুৱা যুৱক যুৱতী সকলে এটকাও নিদিয়াকৈ চাকৰি দিব বুলি ৰাইজ প্ৰতিশ্ৰুতি প্ৰদান কৰে আৰু ২২ ছেপ্তেম্বৰত জীতেন মুছাহাৰী নাঙৰ ছবিত ভোট দি জয় কৰায় চুইজাৰলেণ্ডৰ চিফক গয়বাৰী পৰিষদীয় সমষ্টিৰ পৰা বিদায় দিব বুলিও মন্তব্য কৰে। গয়বাৰী ব্লকৰ সভাপতি যোগেন বসুমতাৰীয়ে আৰণি ভাষণ ৰখা সভা খনত বৰমাৰ প্ৰাক্তন বিধায়ক মহেশ্বৰ ব্ৰহ্ম, গয়বাৰী পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থী জীতেন মুছাহাৰী, চাপাগুৰি বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, বিপিএফ নেতা মুজিব আলি আহমেদৰ লগতে পাছ সহস্ৰাধিক লোক উপস্থিত থাকে। ইপিনে সভাৰ অন্তত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কয়— প্ৰমোদ বড়োৱে তামুলপুৰত জয় হ’ব নোৱাৰে কোকৰাঝাৰৰ দোতামাটো জয় হ’ব নোৱাৰে। প্ৰমোদ বড়ো জিৰো, তামুলপুৰতে পাত্তা পোৱা নাই আৰু কোকৰাঝাৰত মোৰ লগত কি পাত্তা পাব প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৱে অকল পইছা খাব হে যানে। সাংবাদিকৰ আন এক প্ৰশ্ন উত্তৰত তেওঁ কয়— হেলিকপ্টাৰৰ আমাৰ চলিবই। পইছা নাই তেল ভৰাবলৈ। তেল ভৰাবলৈ আমাক ৰাইজে পইছা দি আছে। আমাৰ মিটিংত হেলিকপ্টাৰৰ চাবলৈ মানুহ অহা নাই । বিপিএফ দলক ভাল পাই হে মানুহ মিটিংত আহিছে। প্ৰমোদ বড়োৱে মিটিংত হেলিকপ্টাৰৰ লৈ গ’লেও হেলিকপ্টাৰ চাবলৈও মানুহ নাই। প্ৰমোদ বড়োৱে নিজৰ তামুলপুৰত ৫০ টাও ভোট নাপাই আৰু দোতমাত কত জয় হ’ব বুলিও প্ৰশ্ন কৰে সাংবাদিক। বিটিআৰ চিফ বিশ্বজিৎ দৈমাৰী হ’ব নেকি বুলি সুধা এক প্ৰশ্ন উত্তৰত মহিলাৰীয়ে কয়— বিশ্বজিৎ দৈমাৰী আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ব। বিটিচিৰ চিফ নহয়।