তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত*

Telegram

তামুলপুৰত বিটিচি নিৰ্বাচনৰ গ্ৰুপ ট্ৰেইনিং সমাপ্ত।

তামুলপুৰ, ১৭ ছেপ্টেম্বৰ, ২০২৫

 

সমাগত বিটিচি নিৰ্বাচন সুশৃংখল আৰু শান্তিপূৰ্ণভাৱে যাতে সমাপ্ত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি তামুলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা সম্পূৰ্ণ কৰি তুলিছে। আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত গয়বাৰী আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ প’লিং বিষয়া আৰু প্ৰিজাইডিং বিষয়াসকলৰ দলীয়ভাৱে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। আগবেলা গয়বাৰী সমষ্টিৰ বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ বিপৰীতে পিছবেলা গোৰেশ্বৰ সমষ্টিৰ বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণত ১ম, ২য় আৰু ৩য় প’লিং বিষয়াসকলে নিজৰ নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়াসকলৰ সৈতে মিলিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগে লগে জিলাখনত নিৰ্বাচন সম্পৰ্কীয় গ্ৰুপ ট্ৰেইনিঙৰ সামৰণি পৰে। ৩০টা মহিলাৰ দ্বাৰা পৰিচালিত হ’বলগীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়াসকলকো আজি প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তী আৰু নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৱে নিৰ্বাচনটো সুস্থ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ সকলোকে আহ্বান জনায়‌ আৰু প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। আনহাতে নিৰ্বাচনত নিযুক্ত একাংশ বিষয়া-কৰ্মচাৰীয়ে আজি দ্বিতীয় দিনৰ বাবেও পোষ্টেল বেলটযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

  • Related Posts

    ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*

    Telegram

    TelegramTweet*ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন নিৰ্বাচনী পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মাৰ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ ২০২৫* : বডোলেণ্ড পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ২৬-দৰঙাজুলি, ২৭-নাগ্ৰীজুলি আৰু ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ নিৰ্বাচনী পৰ্যৱেক্ষক হিচাপে নিযুক্ত অতুল কুমাৰ…

    তামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা

    Telegram

    TelegramTweetতামুলপুৰৰ জিলা আয়ুক্ত কাৰ্যালয়ত নিৰ্বাচনী পৰ্যৱেক্ষকৰ সভা তামুলপুৰ, ১৬ ছেপ্টেম্বৰঃ   আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *