তামুলপুৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুতি সভা

Telegram

তামুলপুৰত বিটিচি নিৰ্বাচন সন্দৰ্ভত প্ৰস্তুতি সভা

 

তামুলপুৰ, ১৮ জুলাই, ২০২৫* :

 

সমাগত বিটিচি নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভা আজি তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত হেমাশ্ৰী খনিকৰৰ অধ্যক্ষতাত তেওঁৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হয়। এই পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন বিভাগৰ পৰা বিষয়া-কৰ্মচাৰীসকলৰ তালিকা প্ৰস্তুত কৰিবলৈ তেওঁ বিভাগীয় বিষয়াসকলক আহ্বান জনায়। তালিকা প্ৰস্তুত কৰোঁতে গৰ্ভৱতী মহিলা অথবা দুগ্ধপান কৰোৱা মাতৃসকলৰ বিষয়েও স্পষ্টকৈ উল্লেখ কৰিবলৈ তেওঁ আহ্বান জনায়, যাতে তেওঁলোকক দায়িত্বত নিয়োগ কৰাৰ ক্ষেত্ৰত সঠিকভাৱে বিবেচনা কৰি চাব পৰা যায়। নিৰ্বাচনৰ বাবে চে’লসমূহো শীঘ্ৰে স্থাপন কৰা হ’ব। উল্লেখ্য যে বৰ্তমানলৈকে জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টিত ৩৮২টা ভোটকেন্দ্ৰ আছে যদিও ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত এই সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে‌। আজিৰ সভাখনত স্কুলসমূহৰ উপ-পৰিদৰ্শক ফুলেশ্বৰ নুনিছা, তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া দেৱকুমাৰ বসুমতাৰী, গোৰেশ্বৰৰ খণ্ড উন্নয়ন বিষয়া ডঃ জিণ্টু দত্ত, তামুলপুৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অৰুঞ্জয় খুংগুৰ ব্ৰহ্ম, গোৰেশ্বৰৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া অনচিমা দৈমাৰী আদিৰ উপৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল উপস্থিত আছিল।

  • Related Posts

    • Current
    • September 14, 2025
    • 2 views
    • 1 minute Read
    অসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

    Telegram

    TelegramTweetঅসমৰ ভাষা-সংস্কৃতি আৰু ঐতিহ্যক লৈ প্ৰধানমন্ত্ৰীৰ প্ৰশংসা   যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অসমৰ ভাষা, কলা, সংস্কৃতি, ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশেষ মন্তব্য আগবঢ়ায়। ৰাজ্য ভ্ৰমণৰ লগত জড়িত…

    • Current
    • September 14, 2025
    • 2 views
    • 0 minutes Read
    অনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰা

    Telegram

    TelegramTweetঅনুকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আকাশ যাত্ৰা বাতিল, স্থলপথেৰে যোৰহাটৰ পৰা যাত্ৰা যোৰহাট, ১৪ ছেপ্টেম্বৰঃ অনুকূল বতৰ নথকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশ মাৰ্গেৰে ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত বাতিল কৰা হয়। প্ৰধানমন্ত্ৰীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *