তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ কৰুণ মৃত্যু

  • Current
  • January 31, 2025
  • 0 Comments
Telegram

তামুলপুৰত বন্যহস্তীৰ আক্ৰমণত মহিলাৰ কৰুণ মৃত্যু

 

বাক্সা জিলাৰ তামুলপুৰত পুনৰ বন্যহস্তীৰ তাণ্ডৱ। শুই থকা অৱস্থাত এখন বন্যহস্তীয়ে আক্ৰমণ কৰি হত্যা কৰিলে এজনী মহিলাক। নিহত মহিলাগৰাকী তাৰমণি বৰ্মন বুলি চিনাক্ত কৰা হৈছে।

 

প্ৰাপ্ত তথ্য অনুসৰি, নিশা গভীৰতাত মহিলাগৰাকীৰ ঘৰলৈ প্ৰৱেশ কৰে বন্যহস্তীটো। ঘৰৰ বেৰ ভাঙি ভিতৰত সোমাই তেওঁক গচকি হত্যা কৰে। ঘটনাৰ খবৰ লাভ কৰা সৈতে সৈতে তামুলপুৰ বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

 

উল্লেখযোগ্য যে, ৯ বছৰ পূৰ্বেও বন্যহস্তীৰ আক্ৰমণত নিহত হৈছিল তাৰমণি বৰ্মনৰ স্বামী। এই অঞ্চলত বন্যহস্তীৰ আক্ৰমণ নিয়মীয়া পৰিণত হৈছে, যাৰ ফলত স্থানীয় ৰাইজ আতংকিত হৈ পৰিছে। প্ৰশাসনে এতিয়ালৈকে কিবা কার্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই, সেই বিষয়ে কোনো স্পষ্ট তথ্য পোৱা নাই।

 

স্থানীয় ৰাইজে বন বিভাগ আৰু প্ৰশাসনৰ ওচৰত বন্যহস্তীৰ উপদ্ৰৱ বন্ধ কৰাৰ দাবী জনাইছে।

 

  • Related Posts

    • Current
    • September 14, 2025
    • 4 views
    • 1 minute Read
    অখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”

    Telegram

    TelegramTweetঅখিল গগৈৰ কঠোৰ মন্তব্য : “গৌৰৱ গগৈয়ে আমেৰিকাৰ ষ্টাইল ইয়াত উলিয়ালে নহব নহয়”   শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আজিৰ দিনটোত কংগ্ৰেছ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি…

    • Current
    • September 13, 2025
    • 6 views
    • 1 minute Read
    সুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Telegram

    TelegramTweetসুধাকণ্ঠৰ গীত সুঁৱৰি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ   ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিজৰ বক্তব্যত অসমৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাক সোঁৱৰিলে। বক্তৃতাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূপেন হাজৰিকাৰ কালজয়ী গীত *“অগ্নি যুগৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *