তামুলপুৰত পৰিবহণ বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানঃ
তামুলপুৰ,২৫ আগষ্টঃ
বাক্সা জিলা পৰিবহণ বিভাগ আৰু তামুলপুৰ আৰক্ষীয়ে আজি দিনৰ ভাগত চলোৱা এক যৌথ অভিযানত তামুলপুৰ-ৰঙিয়া পথৰ মটঙাপাৰত বাইক আৰু চাৰিচকীয়া বাহনৰ নথিপত্ৰ পৰীক্ষা কৰি নথিপত্ৰ নথকা আৰু হেলমেট নিপিন্ধা তথা চিটবেল্ট পৰিধান নকৰা আৰোহী সকলৰ পৰা জৰিমনা সংগ্ৰহ কৰাৰ লগতে পথ সুৰক্ষাৰ সজাগতাৰ সৃষ্টি কৰে ৷ পৰিবহণ বিভাগে জনোৱা মতে যৌথ অভিযান কালত আজি বিভাগে ৮০ খন বাহনৰ জৰিমনা বিহিবলৈ সক্ষম হয় । বাক্সা জিলা পৰিবহণ বিভাগৰ এনফোৰ্চমেন্ট বিষয়া ঋকৰঞ্জন দাসৰ নেতৃত্বত চলা আজিৰ অভিযানত পৰিবহণ বিভাগৰ টিংকল পাঠক, সৌভিক দে আৰু তামুলপুৰ থানাৰ আৰক্ষী বিষয়া সকলে সহযোগ কৰে ৷##