তামুলপুৰত নৱ নিযুক্ত টেট শিক্ষক – শিক্ষয়িত্ৰীৰ মত বিনিময় অনুষ্ঠান সম্পন্ন। ।

Telegram

তামুলপুৰত নৱ নিযুক্ত টেট শিক্ষক – শিক্ষয়িত্ৰীৰ মত বিনিময় অনুষ্ঠান সম্পন্ন। ।

 

তামুলপুৰঃঃ২৩জুনঃ

তামুলপুৰৰ জিলাৰ মটংগাফুৰি পাৰ্কত আজি গয়বাৰী ব্লক ইউপিপিএলৰ উদ্যোগত বিটিআৰৰ শিক্ষা বিভাগৰ দ্বাৰা নিযুক্তপ্ৰাপ্ত বিটিআৰৰ গয়বাৰী সমষ্টিৰ শিক্ষক শিক্ষয়িত্ৰী সকলক লৈ এখন মত বিনিময় অনুষ্ঠান আয়োজন কৰে । গয়বাৰী ব্লক সমিতিৰ সম্পাদক নগেন নাথে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে ইউ পি পি এল দলৰ গয়বাৰী ব্লক সমিতিৰ সভাপতি নৰহৰি মহন্তই। উক্ত অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক জলেন দৈমাৰীয়ে কয় যে— শিক্ষা হৈছে মানৱ জীৱন ৰ অবিচ্ছেদ্য অংগ। শিক্ষা অবিহনে সুস্থ সৱল আৰু সুন্দৰ সমাজ গঢ় দিয়াটো অসম্ভৱ। শৈক্ষিক আৰু বৌদ্ধিক বিকাশৰ দিশত বিটিআৰৰ অঞ্চলটোক গড় দিয়াতো বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োৰ সপোন আছিল।উল্লেখ্য যে যোবা ১৮ জুনত ১৩৩৬ শিক্ষকক প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিছিল। ইয়াৰে ভিতৰত গয়বাৰী সমষ্টিৰ মুঠ ২১ জনে শিক্ষকৰ চাকৰি পাবলৈ সক্ষম হৈছিল। এইসকল এই সকল নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰীক আৰনাই ৰে সম্বৰ্ধনা জনোৱা হয় ।এই মত বিনিময় অনুষ্ঠানতে নিজৰ অনুভৱ প্ৰকাশ কৰি শিক্ষক শিক্ষয়িত্ৰী সকলে স্বচ্ছ আৰু নিকা পদ্ধতিৰে চাকৰি লাভ কৰাত বিটিআৰৰ প্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে।আজিৰ এই অনুষ্ঠানত উপস্থিত আছিল ইউ পি পি এল দলৰ গয়বাৰী ব্লক সমিতিৰ সাধাৰণ সম্পাদক কবিন্দ্ৰ চন্দ্ৰ বসুমতাৰী, সহ দলীয় নেতা ক্ৰমে গোপাল বড়ো, হাচিম আলী, মনোৰঞ্জন মেধি,যুৱ নেতা ৰঞ্জন স্বৰ্গীয়াৰী, অজয় বড়ো প্ৰমুখ্যে দলীয় নেতা কৰ্মী সহ নৱনিযুক্ত শিক্ষক শিক্ষয়িত্ৰী সকল আৰু অভিভাৱক সকলেও অংশ গ্ৰহন কৰে ৷

  • Related Posts

    • Current
    • September 16, 2025
    • 2 views
    • 1 minute Read
    তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ

    Telegram

    TelegramTweet*তামুলপুৰত নিৰ্বাচন সন্দৰ্ভত দলীয়ভাৱে প্ৰশিক্ষণ*   *তামুলপুৰ, ১৬ ছেপ্টেম্বৰ, ২০২৫* :     আজি বৰনগৰস্থিত তামুলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত সমাগত বিটিচি নিৰ্বাচনৰ বাবে তামুলপুৰ জিলাৰ নাগ্ৰীজুলি, শুক্লাই ছেৰফাং আৰু দৰঙাজুলি…

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *