
🔴 তামুলপুৰত নামঘৰত দুৰ্বৃত্তৰ তাণ্ডৱ – ৰূপৰ অলংকাৰ উদ্ধাৱ 🕯️
তামুলপুৰ জিলাৰ দক্ষিণ তেতেলিগুৰি অঞ্চলত থকা এটা পবিত্ৰ নামঘৰত নিশা দুৰ্বৃত্তই সংঘটিত কৰিলে লাজলজীয়া ঘটনা।
🔸 নিশা নামঘৰত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে থাপনা তথা অন্যান্য ধৰ্মীয় সামগ্ৰী।
🔸 নামঘৰৰ পৰা ৰূপৰ অলংকাৰ চুৰি কৰি লৈ যায় দুৰ্বৃত্তই।
🔸 পুৱা নিয়মীয়া মতে দেউৰীয়ে বন্তি জ্বলাবলৈ আহি লণ্ডভণ্ড হোৱা অৱস্থা দেখি হতবাক হৈ পৰে।
🔸 ঘটনাৰ খবৰ লগে লগে নামঘৰ পৰিচালনা সমিতিয়ে তামুলপুৰ আৰক্ষীক অৱগত কৰে।
🔸 তৎপ্ৰতণ তামুলপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
এইধৰণৰ পবিত্ৰ ধৰ্মস্থানত সংঘটিত হোৱা অপৰাধে স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্বৃত্তক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।
📢 ধৰ্মস্থানৰ পবিত্ৰতা ৰক্ষা কৰা সকলোৰে দায়িত্ব – সচেতন হওক, একতাবদ্ধ হওক।
#TamulpurNews #NamgharVandalism #AssamCrime #ReligiousPlaceTheft #TamulpurPolice #অসমবৰ্তা