
তামুলপুৰত নতুন ৰেচন কাৰ্ড বিতৰণৰ দ্বিতীয় পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী।
অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লক্ষীমপুৰৰ পৰা ভাৰ্চুৱেলী উন্মোচন কৰা ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীৰ অংশস্বৰূপে তামুলপুৰতো জিলা প্ৰশাসনৰ উদ্যোগত নতুন ৰেচন কার্ড বিতৰণৰ দ্বিতীয় পৰ্য্যায়ৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠিত হয়।
আজিৰ এই কাৰ্যসূচীত তামুলপুৰ জিলাৰ আয়ুক্ত পঙ্কজ চক্ৰৱতী, সহকাৰী আয়ুক্ত লখিমী দত্ত, অতিৰিক্ত আয়ুক্ত হিতেশ বড়ো, কবিতা ফাংচ’, বিটিআৰৰ এমচিএলএ হেমন্ত কুমাৰ ৰাভা সহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল।###