তামুলপুৰত ট্ৰাইবেল সংঘৰ সংবাদমেদ। শৰণীয়া সকল জনজাতি নহয়–ট্ৰাইবলে সংঘ।

Telegram

তামুলপুৰত ট্ৰাইবেল সংঘৰ সংবাদমেদ।

শৰণীয়া সকল জনজাতি নহয়–ট্ৰাইবলে সংঘ।

 

তামুলপুৰ ৩ জুলাইত

 

শৰণীয়া কছাৰী সকলৰ জাতিগত প্ৰমান পত্ৰ প্ৰদানৰ দাবীত শৰণীয়া কছাৰী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰাৰ পিছতে আজি তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ কাৰ্যালয়ত তামুলপুৰ, ভেৰগাঁও আৰু বাক্সা জিলা ট্ৰাইবেল সংঘই সংবাদমেল সম্বোধন কৰি কয়– ট্ৰাইবেল সংঘই কেতিয়াও কাকো জাতিগত প্ৰমাণ পত্ৰ দিয়াত বঞ্চিত কৰা নাই। শৰণীয়া সকল ট্ৰাইবেলৰ অন্তৰ্গত নহয়। চৰকাৰে ১৪ টা জনগোষ্ঠীকহে প্ৰকৃত জনজাতি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সেই স্বীকৃতিত শৰণীয়া সকল অন্তৰ্ভুক্ত নহয়। সময়ে সময়ে শৰণীয়া সকলক ৰাজনৈতিকভাৱে চৰকাৰে তেওঁলোকক বড়ো বা ৰাভা হিচাপে প্ৰমাণ পত্ৰ দিয়াৰ বাবে সুবিধা কৰি আহিছিল যদিও ৰাইজৰ পৰা প্ৰতিবাদ আহিলে শৰণীয়া সকল জাতিগত প্ৰমাণ পত্ৰৰ পৰা বঞ্চিত হৈ পৰে। থিক তেনেদৰে ২০২৩ চনত চৰকাৰে এক নিৰ্দেশনা প্ৰদান কৰি শৰণীয়া সকল জনজাতি নহয় বুলি নিৰ্দেশনাত উল্লেখ কৰে। সেই নিৰ্দেশনা অনুসৰিয়েই ট্ৰাইবেল সংঘই শৰণীয়া সকলক জাতিগত প্ৰমাণ পত্ৰ দিব নোৱাৰে বুলিও সংবাদ মেলত সদৰি কৰে। সংবাদমেলত পুণৰ কয়— শৰণীয়া সকলে ট্ৰাইবেল নোহোৱা বাবে তেওঁলোকে জাতিগত প্ৰমাণ পত্ৰৰ সময়ত দিব লগা নথি পত্ৰ দিব পৰা নাই। ট্ৰাইবেলৰ লগত জড়িত থকা ৰিতি নিতি, সাজপাৰৰ সৈতেও শৰণীয়া সকলৰ সম্পৰ্ক নাই। শৰণীয়া কছাৰী সকলে ট্ৰাইবেল সংঘক আক্ৰোশমূলভাৱে দিয়া হুংকাৰৰ পৰিবৰ্তে চৰকাৰ সৈতে আলোচনাত মিলিত হৈ জাতিগত প্ৰমাণ পত্ৰ আদায়ৰ বাবে কাম কৰাৰ আহ্বান জানাই শৰণীয়া কছাৰী ছাত্ৰ সন্থাক। ট্ৰাইবেল সংঘৰ লগত সংঘাত লিপ্ত হ’লে প্ৰকৃত ১৪ টা জনজাতি হাত সাবতি বহি নাথাকি সংঘাটত লিপ্ত হ’ব বুলিও সদৰি কৰে সংবাদ মেলত । আজিৰ এই সংবাদ মেলত তামুলপুৰ জিলা ট্ৰাইবেল সংঘৰ সভাপতি গজেন নাৰ্জী, সম্পাদক ৰবেন ৰাভা, ভেৰগাঁও জিলা ট্ৰাইবেল সংঘৰ সভাপতি বিনভ বড়ো, সম্পাদক কুলেন ৰাভা, বাক্সা জিলা ট্ৰাইবেল সংঘৰ সম্পাদক কলেন চন্দ্ৰ বড়োৰ লগতে ট্ৰাইবেল সংঘৰ বিষয়ববীয়া সকলে উপস্থিত থাকে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 4 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *