তামুলপুৰত খেল মহাৰন আৰম্ভ ৷ নিজা বাতৰি দিওঁতা

Telegram

তামুলপুৰত খেল মহাৰন আৰম্ভ ৷

 

তামুলপুৰঃ১৪ অক্টোবৰঃ

ৰাজ্যৰ আন আন জিলাৰ লগতে তামুলপুৰ জিলাতো আজিৰে পৰা আৰম্ভ হৈছে খেল মহাৰন ৷তদুপলক্ষে আজি তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুই নং তামুলপুৰ ভিচিডিচিৰ সহযোগতআৰম্ভ হোৱা খেল মহাৰনত বিভিন্ন শিক্ষানুষ্ঠানৰৰ ছাত্ৰছাত্ৰী সকলে অংশ গ্ৰহন কৰে। পুৱা ন বজাত আনুষ্ঠানিক ভাৱে খিল মহাৰনৰ শুভাআৰম্ভ কৰে তামুলপুৰ জিলাৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷তেওঁ এই খেল মহাৰনৰ জৰিয়তে ছাত্ৰছাত্ৰী সকলে ক্ৰীড়া প্ৰতিভা বিকশিত কৰাৰ এক সুন্দৰ সুযোগ লাভ কৰিব বুলি কয় ৷তামুলপুৰ জিলাত খেলৰ উপযোগীখেল পথাৰ থকাৰ কথা দোহাৰী প্ৰতিযোগী সকলে অধিক আগ্ৰহেেৰে ভাল খেল প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় ৷ অনুষ্ঠানত তামুলপুৰ পৌৰসভাৰ সভাপতি বানীকান্ত বসুমতাৰী উপ সভানেত্ৰী অৰ্চনা চৌধুৰী,তামুলপুৰ ক্ৰীড়া সন্থাৰ বিষয়বৱীয়া খৰ্গেশ্বৰ দাস সহ আন আন সকল উপস্থিত থকাৰ লগতে ভিচিডিচিৰ উপাধ্যক্ষ বিপুল শৰনীয়া সহ সদস্য সকল ,ক্ৰীড়া সংগঠক ৰঞ্জন কুমাৰ দাস সহ বিদ্যালয়ৰ শিক্ষক সকলে অংশ গ্ৰহন কৰে।

  • Related Posts

    ১৪ আগষ্ট: ভাৰতীয় ইতিহাসত বিশেষ অৰ্থবহ দিন

    Telegram

    TelegramTweet১৪ আগষ্ট: ভাৰতীয় ইতিহাসত বিশেষ অৰ্থবহ দিন   ১৪ আগষ্ট দিনটো ভাৰতৰ বাবে নিজৰ উৎসৱৰ দিন নহ’লেও, উপমহাদেশৰ ইতিহাসত ইয়াৰ বিশেষ স্থান আছে। ১৯৪৭ চনৰ এই দিনটোত পাকিস্তানৰ স্বাধীনতা দিবস…

    ভেৰাখাত গাঁৱত পৰম্পৰাগত কৃষি ব্যৱস্থা: অসহযোগিতাৰ বাবে আৰোপ জৰিমনা

    Telegram

    TelegramTweetভেৰাখাত গাঁৱত পৰম্পৰাগত কৃষি ব্যৱস্থা: অসহযোগিতাৰ বাবে আৰোপ জৰিমনা       যি যুগত ব্যক্তিগত খেতি নিয়মত পৰিণত হৈছে, সেই যুগত অসমৰ তামুলপুৰ জিলাৰ জামুগুৰি অঞ্চলৰ ভেৰাখাত (চৌধুৰীখাত) গাঁৱৰ বাসিন্দাসকলে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *