তামুলপুৰত এন আৰ ডি এছ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলিঃ

Telegram

তামুলপুৰত এন আৰ ডি এছ কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলিঃ

=================================

তামুলপুৰ,২৭ জানুৱাৰীঃ–

ইংৰাজী নৱ বৰ্ষৰ আৰম্ভণিতে তামুলপুৰৰ বাবে এটি সুখবৰ ৷ তামুলপুৰ পুৰাণ চ’কত গণতন্ত্ৰ দিৱসৰ দিনাই পুৱা ১১:৩০ বজাত শুভাৰম্ভ কৰা এন আৰ ডি এছ কম্পিউটাৰ  প্ৰশিক্ষণ কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মোছাহাৰীয়ে ৷ প্ৰাক্তন বিধায়ক গৰাকীয়ে কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰটোৱে তামুলপুৰৰ ছাত্ৰ-ছাত্ৰী সকলৰ বহুদিনীয়া অভাৱ পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷

 

ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বালন কৰে তামুলপুৰ উলুবাৰী আঞ্চলিক হাইস্কুলৰ  সহঃ শিক্ষক মহেশ বৈশ্যই ৷ উদ্বোধনী অনুষ্ঠানত এন আৰ ডি এছৰ ধমধমাৰ সঞ্চালক যতীন বড়ো, সাংস্কৃতিক কৰ্মী অভিজিত দাস,অৱসৰপ্ৰাপ্ত শিক্ষক জ্যোতিষ দাস,যুৱ সমাজকৰ্মী মুকুন্দ বৈশ্য,প্ৰশিক্ষকদ্বয়  দীপনা সৰকাৰ আৰু অনামিকা বৈশ্য ,ছাত্ৰ-ছাত্ৰী আৰু  শুভাকাংক্ষী সকল উপস্থিত থাকে ৷ প্ৰশিক্ষক দীপনা সৰকাৰে জনোৱা মতে আগ্ৰহী শিকাৰু সকলে নাম ভৰ্তিৰ বাবে ৭০০২৬২০৩৫৩ অথবা ৬০০২৬০৯৭৩২ নম্বৰত শীঘ্ৰে যোগাযোগ কৰিব পাৰিব ৷

 

 

  • Related Posts

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন

    Telegram

    TelegramTweetঅসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত বিষ্ণু ৰাভা দিৱস উদযাপনৰ আয়োজন ================================ , তামুলপুৰ ১৯ জুন ::   অসম নাট্য সন্মিলন , তামুলপুৰ শাখাৰ উদ্যোগত আৰু তামুলপুৰ মহকুমা ৰঙালী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *