তামুলপুৰত উৎকট গৰমৰ ফলত অসুস্থ হৈ পৰে ৩ গৰাকী ছাত্ৰী।

Telegram

তামুলপুৰত উৎকট গৰমৰ ফলত অসুস্থ হৈ পৰে ৩ গৰাকী ছাত্ৰী।

 

তামুলপুৰ, ১০ জুনঃ

উৎকট গৰমত দহিছে ৰাজ্য। ইতিমধ্যে সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰতো তাপমান ৩৭ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত চুইছেগৈ। উৎকট গৰমৰ প্ৰকোপত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকল অস্বস্তিত ভুগিব লগা হৈছে। তামুলপুৰতো গৰমৰ প্ৰকোপত বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আজি উৎকট গৰমৰ প্ৰকোপত তামুলপুৰৰ দুখন বিদ্যালয়ৰ ৩ গৰাকী ছাত্ৰী হঠাতে ঢলি পৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী নিলাক্ষী ভৌমিকে উৎকট গৰমৰ বাবে বিদ‌্যালয়তে ঢলি পৰে আৰু ইয়াৰ পিছতেই ততাতয়াকৈ বিদ্যালয়ৰ পৰা নিলাক্ষী ভৌমিকক তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। ইপিনে লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়তো দুগৰাকী ছাত্ৰী উৎকট গৰমৰ বাবে বিদ্যালয়তে ঢলি পৰে। লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী পপীয়া দাস আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পিংকি দাস বিদ্যালয়তে ঢলি পৰে। ছাত্ৰী দুগৰাকীক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাত প্ৰথমতে কিছু সুস্থ হয় যদিও পৰৱৰ্তী সময়ত পপীয়া দাস নামৰ ছাত্ৰী গৰাকীৰ স্বাস্থ্য অধিক অৱনতি হোৱাত তামুলপুৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী নিলাক্ষী ভৌমিক আৰু লতিবাৰী বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী পপীয়া দাসক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰি স্বাস্থ্যৰ উন্নতি ঘটাত ছাত্ৰী দুগৰাকী ঘৰলৈ উভতি যায়।

  • Related Posts

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    আজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️

    Telegram

    TelegramTweetআজি দিনৰ ১১ বজাত চি এম ভিজিলেন্সত হাজিৰ হ’ব লাগিব সাংসদ অজিত কুমাৰ ভূঞা 🕚⚖️   আজি অত্যন্ত গুৰুত্বপূর্ণ ঘটনা — অসমৰ ৰাজনৈতিক ক্ষেত্ৰত এক তাৎপৰ্যপূৰ্ণ পৰিৱর্তনৰ সম্ভাৱনা। অসমৰ সাংসদ…

    • Current
    • June 16, 2025
    • 2 views
    • 1 minute Read
    DIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱

    Telegram

    TelegramTweetDIGIPIN কি? ইয়াৰ জৰিয়তে আপুনি কিদৰে লাভান্বিত হ’ব? 💻📱   ডিজিটেল ভাৰতৰ দিশে আগবাঢ়ি থকা এই যুগত DIGIPIN হৈছে এক নতুন পদক্ষেপ, যাৰ জৰিয়তে সাধাৰণ ৰাইজে বিভিন্ন চৰকাৰী সেৱা অধিক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *