তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিবস পালন। জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য পুণৰ গঠন দাবী আক্ৰাছুৰ । 

  • Current
  • August 28, 2025
  • 0 Comments
Telegram

তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিবস পালন।

জনজাতি কৰণ আৰু কমতাপুৰ ৰাজ্য পুণৰ গঠন দাবী আক্ৰাছুৰ । 

 

 

তামুলপুৰ ২৮ আগষ্ট।

 

তামুলপুৰত আজি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তামুলপুৰ আঞ্চলিক সমিতি আৰু তামুলপুৰ জিলা সমিতিয়ে তামুলপুৰ বজাৰ চ’কত পুৱাই প্ৰতাৰণা দিৱস পালন কৰি কলা পতাকা উত্তোলন কৰে। ক’লা পতাকা উত্তোলন কৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰী সকলে আমাক জনজাতি কৰণ কৰক, আমাক এছ টি লাগিবই, আক্ৰাছু জিন্দাবাদ, আমাক কমতাপুৰ ৰাজ্য ঘুৰাই দিয়ক, অসম চৰকাৰ হায় হায় আদি শ্লোগানৰে তামুলপুৰ পৰিবেশ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে ২৮ আগষ্টৰ দিনটোতে ভাৰতৰ লগত চামিল হোৱাত কোচ সকল কমতাপুৰ ৰাজ্য পুনৰ গঠন আৰু কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচীটো ৰূপায়ন কৰে সংগঠনটোৱে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত তামুলপুৰ জিলা সমিতিৰ সভাপতি মটিকান্ত বৰ্মণ, সাধাৰণ মানস দাস, বিত্তীয় সম্পাদক জিতু নাৰায়ণ কোঁৱৰ আঞ্চলিক সমিতৰ সভাপতি ভূমিধৰ দাস, সম্পাদক নয়ন দাসৰ লগতে শতাধিক সদস্য উপস্থিত থাকে।

  • Related Posts

    • Current
    • September 9, 2025
    • 2 views
    • 1 minute Read
    লতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক : 

    Telegram

    TelegramTweetলতিবাৰীত ডি ভোটাৰৰ সমস্যাক লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ বুদ্ধিজীৱীৰ সতে বৈঠক :    তামুলপুৰ , ৯ ছেপ্টেম্বৰ :   আমি ঐতিহাসিক অসম চুক্তিক সন্মান কৰোঁ । অসম চুক্তিক মান্যতা…

    • Current
    • September 8, 2025
    • 12 views
    • 1 minute Read
    নাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন। 

    Telegram

    TelegramTweetনাগ্ৰীজুলিত আছুৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন।  ৮ ছেপ্টেম্বৰ-   সমগ্ৰ ৰাজ্যৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰীজুলি বজাৰ চৌহদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তামুলপুৰ জিলা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *