তামুলপুৰত অনুষ্ঠিত বৌদ্ধিক সভাত অংশগ্ৰহণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

Telegram

তামুলপুৰত অনুষ্ঠিত বৌদ্ধিক সভাত অংশগ্ৰহণ বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

 

তামুলপুৰ, ১৪ জুলাইঃ

বিটিআৰ নিৰ্বাচনৰ পূৰ্বে ইউপিপিএল দলে ঠায়ে ঠায়ে অনুষ্ঠিত কৰিছে বৌদ্ধিক মহলৰ লগত আলোচনা সভা। দেওঁবাৰে সন্ধিয়া প্ৰায় সাত বজাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি গয়বাৰী ব্লক ইউপিপিএলৰ উদ্যোগত জিলা সদৰত থকা তামুলপুৰত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক বৌদ্ধিক সভাত অনুষ্ঠিত হয়। ২৮ নম্বৰ গয়বাৰী ব্লক ইউপিপিএলৰ সভাপতি নৰহৰি মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত বৌদ্ধিক মহলৰ লগত আলোচনা সভাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে। বৌধিক সভাত উপস্থিত থাকি বিটিআৰত ভৱিষ্যতকলৈ কি কৰিলে ভাল হ’ব, কেনেকৈ আগবাঢ়িলে ভাল হ’ব তাৰ পৰামৰ্শ লোৱাৰ লগতে সমাজৰ উন্নয়ন ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহন কৰিব তাৰো পৰামৰ্শ গ্ৰহন কৰে বৌদ্ধিক মহলৰ পৰা৷ বৌদ্ধিক সভাৰ অন্তত সাংবাদিকৰ আগত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে কয় যে– আমি ৰাইজৰ নেতা। আমাৰ শিকিবলৈ বহুত আছে। সেয়ে ৰাইজৰ দিহা পৰামৰ্শ বিচাৰিছো। ৰাইজে বিচৰামতে, বিটিআৰ আৰু বিটিআৰ বাসীৰ কাৰণে আমি কৰা কাম-কাজ সকলোৱে দেখিছে আৰু জানিছে। ইপিনে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰী সন্দৰ্ভত প্ৰমোদ বড়োৱে কয়– হাগ্ৰামা মহিলাৰীৰ জনপ্ৰতিনিধি হোৱাৰ যোগ্যতা নাই। হাগ্ৰামা এজন ভয়াতুৰ নেতা৷ তেওঁৰ কৰা কাজৰ কথা কবলৈ সাহস নায়। যাৰ বাবে বিগত পাঁচ বছৰে তেও বডোলেণ্ড এচেম্বলিত এদিনো উপস্থিত নায়। হাগ্ৰামা মহিলাৰীক ভগৱানে ৰাইজৰ কাম কৰিবলৈ শুবুদ্ধি আৰু শক্তি দিয়ক বুলি তীৰ্যক মন্তব্য কৰি হাগ্ৰামা মহিলাৰীৰ সুস্বাস্থ্য কামনা কৰিলো বুলি কয়।###

 

  • Related Posts

    বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়

    Telegram

    TelegramTweetবডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (BTC)ত থকা ১৬টাকৈ জাতীয় সংগঠনে আজি ইউনাইটেড পিপল’স পাৰ্টি লিবাৰেল (UPPL)ৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ মুখ্য বিষয় আছিল—বডোলেণ্ড পিপল’স ফ্ৰণ্ট (BPF)ৰ সৈতে সম্ভাব্য একত্ৰীকৰণ সম্পৰ্কে…

    উচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ

    Telegram

    TelegramTweetউচ্ছেদ প্ৰশ্নক লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম জাতীয় পৰিষদ (আনচিপি) ৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাজত বাকযুদ্ধ দিনক দিনেই তীব্ৰ ৰূপ লৈছে। দুয়ো পক্ষৰ নেতাই প্ৰতিদিনে একে-অন্যক লক্ষ্য…

    Leave a Reply

    Your email address will not be published. Required fields are marked *