তামুলপুৰত “অক্ষিতা ফিজিঅ থেৰাপি আৰু পেইন ক্লিনিক” স্বাস্থ্য সেৱা কেন্দ্ৰ মুকলি ৷

Telegram

তামুলপুৰত “অক্ষিতা ফিজিঅ থেৰাপি আৰু পেইন ক্লিনিক” স্বাস্থ্য সেৱা কেন্দ্ৰ মুকলি ৷

তামুলপুৰঃ১৭ নবেম্বৰঃ

তামুলপুৰ জিলা সদৰস্থ ভেটেৰনাৰী চ’কত আজি তামুলপুৰীয়া ৰাইজৰ সুবিধাৰ কাৰনে এটি অক্ষিতা ফিজিঅ থেৰাপি আৰু পেইন ক্লিনিক নামৰ সু – ব্যৱস্থা থকা স্বাস্থ্য সেৱা কেন্দ্ৰ এটি আজি আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। অনুষ্ঠানটো আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ মনোনীত সদস্য হেমন্ত কুমাৰ ৰাভাই ৷পুৱাৰ ভাগত কেন্দ্ৰটোত পৰিয়ালৰ সহযোগত স্থানীয় বাপ বান্ধৱ সকলে নাম প্ৰসংগৰে কেন্দ্ৰটোৰ উজ্বল ভৱিষ্যত কামনা কৰে ৷গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ফিজিঅ থেৰাপিৰ উপযুক্ত শিক্ষা গ্ৰহন কৰি বৰখোপা গাঁৱৰ যুৱক ডা° জগন্নাথ ডেকাই এই কেন্দ্ৰটোত ৰাইজৰ সুবিধা হোৱাকৈ চিকিৎসা আৰম্ভ কৰিছে ৷ মুকলি অনুষ্ঠানৰ পৰিচালনা কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ক্ৰমে গোপাল ৰাজবংশী আৰু মোহন চন্দ্ৰ ডেকই ৷অনুষ্ঠানত কেন্দ্ৰটোৰ উদ্বোধক হেমন্ত কুমাৰ ৰাভৰ কে ধৰি উপস্থিত থকা বিশিষ্ট লোক সকলে স্বাস্থ্য সেৱা কেন্দ্ৰটোৰ জৰিয়তে তামুলপুৰীয়া ৰাইজে সু – চিকিৎসা লাভৰ আশা প্ৰকাশ কৰিছে ৷

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *