তামুপলপুৰৰ দৰংগাপাৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ সপ্তম সংখ্যক পুষুণা মেলাৰ আয়োজন 

Telegram

তামুপলপুৰৰ দৰংগাপাৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ সপ্তম সংখ্যক পুষুণা মেলাৰ আয়োজন 

 

লাইখুঁটা স্থাপন –

তামুলপুৰ,১৫ জানুৱাৰী-

তামুলপুৰ জিলাৰ দৰংগাপাৰত অহা ২৭ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ উৎসৱ পুষণা মেলাৰ আয়োজন কৰা হৈছে ৷ আজি উদযাপন সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত আয়তীৰ উৰুলি আৰু মংগলধ্বনিৰে এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানৰ মাজেৰে পুষণা মেলাৰ লাইখুঁটা আনুষ্ঠানিক ভাৱে স্থাপন কৰা হয়। লাইখুঁটা স্থাপন কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীয়ে ৷

 

লাইখূটা স্থাপন কৰি বিধায়ক জলেন দৈমাৰীয়ে কয়, কোচ ৰাজবংশী জনগোষ্ঠী সকল এক নিজস্ব ভাষা, সাহিত্য কৃষ্টি, সংস্কৃতি থকা এটা চহকী জনগোষ্ঠী ৷ পূষণা মেলাৰ জড়িয়তে জনগোষ্ঠীটোৰ পৰম্পৰাগত লোক কৃষ্টি সমুহ উপস্থাপন হব ৷ পূষণা মেলাই তামুলপুৰত বসবাস কৰা বিভিন্ন জাতি গোষ্ঠীৰ মাজত সাংস্কৃতিক বিনিময়ৰে সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তুলিব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে ৷

লাইখূটা স্থাপন অনুস্থানত পূষুণা মেলা উদযাপন সমিতিৰ মুখ্য উপদেষ্টা কেশৱ ৰাজবংশী,কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত ৰাজবংশী, সম্পাদক দুলাল ৰয়,তামুলপুৰ জিলা আক্ৰাছুৰ সাংগঠনিক সম্পাদক দীপক ৰায়, দৰংগাপাৰ কোচৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পখিলী ৰাজবংশী, সম্পাদীকা যমুনা বৰ্মন সাহা, অকলা বৰ্মণ প্ৰমুখ্যে উদযাপন সমিতিৰ সদস্য সকল উপস্থিত থাকে। পুষুণা মেলাৰ প্ৰতিদিনৰ কাৰ্যসূচীতে সকলো শ্ৰেনীৰ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে উদ্যোক্তা সকলে ৷

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *