ডিজিটেল শিক্ষণ আৰু পৰিচালন উৎকৰ্ষতাৰ এক নতুন অধ্যায়ৰ সূচনাৰে উত্তৰ পূব সীমান্ত ৰেলৱেত জ্ঞানবাপী এপৰ সফল প্ৰৱৰ্তন

Telegram

ডিজিটেল শিক্ষণ আৰু পৰিচালন উৎকৰ্ষতাৰ এক নতুন অধ্যায়ৰ সূচনাৰে

উত্তৰ পূব সীমান্ত ৰেলৱেত জ্ঞানবাপী এপৰ সফল প্ৰৱৰ্তন

 

 

মালিগাওঁ, ২৩ জানুৱাৰী, ২০২৫:

 

ডিজিটেল শিক্ষণ আৰু পৰিচালন উৎকৰ্ষতাৰ এক নতুন অধ্যায়ৰ সূচনাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই আনুষ্ঠানিকভাৱে জ্ঞানবাপী এপ নামৰ এটা শৈক্ষিক মোবাইল এপ্লিকেচন মুকলি কৰিছে। অলপতে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে মুখ্য কাৰ্যালয় আৰু মণ্ডলসমূহৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গৰ উপস্থিতিত এই এপটো মুকলি কৰে। জ্ঞানবাপী এপ হৈছে এক অল-ইন-ৱান শৈক্ষিক প্লেটফৰ্ম আৰু ইয়াক ৰে’লৱে পেছাদাৰীসকলৰ বাবেহে বিশেষকৈ ডিজাইন কৰা হৈছে। ই ব্যৱহাৰকাৰীসকলৰ জ্ঞান, পেছাদাৰী বিকাশ সমৃদ্ধ কৰিবলৈ আৰু তেওঁলোক পৰিচালনমূলক নিৰ্দেশনা আৰু উন্নয়নৰ বিষয়ে আপডেট হৈ থকাটো নিশ্চিত কৰিবলৈ সম্পদৰ এক প্ৰাচুৰ্যতা প্ৰদান কৰে।

 

মহাপ্ৰৱন্ধকে এপটো মুকলি কৰাৰ সময়ত, এপটোৰ বিকাশৰ ক্ষেত্ৰত সমৰ্পিত প্ৰয়াস আৰু উদ্ভাৱনৰ প্ৰশংসা কৰে। তেওঁ উত্তৰ পূব সীমান্ত ৰেলৱেত পৰিচালনমূলক জ্ঞান আদান-প্ৰদান আৰু পেছাদাৰী সামৰ্থ্য শক্তিশালী কৰাৰ ক্ষেত্ৰত এপটোৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মহাপ্ৰৱন্ধকে সকলো মণ্ডলতে এই এপৰ ব্যাপক ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশনাও দিয়ে। এই দৃষ্টিভঙ্গীয়ে নেতৃত্বৰ সমৰ্থন আৰু এই অগ্ৰণী পদক্ষেপৰ দিশত থকা বিশ্বাসকেই প্ৰতিফলিত কৰিছে।

 

মন কৰিবলগীয়া যে জ্ঞানবাপী এপটো শ্ৰী নীতিশ শৰ্মা, জ্যেষ্ঠ সহকাৰী লোকো পাইলটে ডিভিজনেল মেকানিকেল ইঞ্জীনিয়াৰ/পাৱাৰ/তিনিচুকীয়া শ্ৰী সুনীল কুমাৰৰ সৈতে সমন্বয় সাধনেৰে বিকশিত কৰিছে।

 

এই জ্ঞানবাপী এপটোৱে ৰে’লৱে পেছাদাৰীসকলৰ বাবে শৈক্ষিক সম্পদ আৰু কাৰ্যকৰী নিৰ্দেশনাসমূহ ডিজিটাইজ আৰু সুশৃংখল কৰাৰ ক্ষেত্ৰত এক স্মৰণীয় পদক্ষেপ হিচাপে চিহ্নিত কৰিছে। ইয়াৰ ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ আৰু অনুকূলিত সমলৰ সৈতে, এপটো উত্তৰ পূব সীমান্ত ৰেলৱেৰ পেছাদাৰীসকলৰ বাবে এক অপৰিহাৰ্য আহিলা হিচাপে প্ৰমানিত হব।

 

আনহাতে মাননীয় ৰে’ল মন্ত্ৰীয়ে ৰে’লৱেত উচ্চ মানদণ্ড বজাই ৰখাৰ ক্ষেত্ৰত ৰে’ল কৰ্মচাৰীসকলৰ বাবে অবিৰত শিক্ষা আৰু ব্যাপক প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে; এই সন্দৰ্ভত জ্ঞানবাপী এপৰ শুভাৰম্ভই নিঃসন্দেহে ভাৰতীয় ৰে’লৱেত পেছাদাৰী শিক্ষাৰ বাবে এক নতুন মানদণ্ড নিৰ্ধাৰণ কৰিব।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *