জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি মচজিদ পৰিচালনা সমিতিসমূহৰ ব্যাপক সঁহাৰি

Telegram

জিলা প্ৰশাসনৰ আহ্বানৰ প্ৰতি মচজিদ পৰিচালনা সমিতিসমূহৰ ব্যাপক সঁহাৰি

 

তামুলপুৰ জিলাত শান্তিপূৰ্ণভাৱে ঈদ-উজ্-জোহা উদযাপন

 

তামুলপুৰ,

 

সমগ্ৰ বিশ্বতে আজি ইচলাম ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰ ঈদ-উজ্-জোহা (বক্ৰীদ) উলহ-মালহেৰে উদযাপন কৰে। আমাৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ লগতে অসমৰ প্ৰতিখন জিলাতো পালন কৰা হয় এই পৱিত্ৰ ঈদ-উজ্-জোহা। তামুলপুৰ জিলাত এইবাৰ ইচলাম ধৰ্মাৱলম্বী লোকসকলে ব্যতিক্ৰম ৰূপত এই ঈদ-উজ্-জোহা উদযাপন কৰা পৰিলক্ষিত হয়। কুমাৰীকাটা জামে মচজিদৰ সভাপতি মইনুল হক চৌধুৰীয়ে জনোৱা মতে, তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৬ জুনৰ দিনা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত তথা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ লগতে জিলা প্ৰশাসনৰ কেবাগৰাকীও উচ্চপদস্থ বিষয়ববীয়াৰ উপস্থিতিত পৱিত্ৰ ঈদ-উজ্-জোহা উপলক্ষে জিলাখনৰ সকলো মচজিদৰ সভাপতি-সম্পাদকক লৈ এখন সভা অনুষ্ঠিত কৰি সকলোকে শান্তি-সম্প্ৰীতিৰে ঈদ-উজ্-জোহা উদযাপন কৰিবলৈ আহ্বান জনায়। তদুপলক্ষে আজি জিলাখনৰ প্ৰত্যেকটো মচজিদত সভাপতি-সম্পাদকে নামাজ আদায় কৰাৰ সময়ত ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ঘোষণা কৰে যে পৱিত্ৰ ঈদ-উজ্-জোহা উপলক্ষে জিলাখনৰ কোনো লোক তথা যুৱক-যুৱতীয়ে যাতে নিজৰ স্ফূৰ্তিৰ বাবে আইন অমান্য নকৰে; কোনেও যাতে হেলমেট পৰিধান নকৰাকৈ মটৰচাইকেল নচলায় তথা দ্ৰুত গতিত মটৰচাইকেল চলাই “বাইক ষ্টাণ্ট” কৰি পৰিৱেশ বিনষ্ট নকৰে। ইয়াৰ লগতে মচজিদ সমিতিৰ সভাপতি-সম্পাদকসকলে কোৰবানিৰ সময়ত কোনো লোকক ভিডিঅ’ আদি কৰাৰ পৰা বিৰত থকাৰ লগতে কোৰবানিৰ অৱশিষ্টসমূহ আন ধৰ্মাৱলম্বী লোকসকলৰ কোনোধৰণৰ অসুবিধা নোহোৱাকৈ নিৰ্দিষ্ট স্থানত গাঁত খান্দি পুতি থোৱাৰ দিহা কৰিবলৈ সকলোকে আহ্বান জনায়। উল্লেখ্য যে এই সময়ছোৱাত আইন-শৃংখলাজনিত পৰিস্থিতি তদাৰক কৰিবৰ কাৰণে জিলা আয়ুক্তগৰাকীয়ে দুগৰাকী দণ্ডাধীশক বিশেষভাৱে দায়িত্ব অৰ্পণ কৰিছে। জিলা প্ৰশাসনৰ এনেধৰণৰ পদক্ষেপ তথা ইচলাম ধৰ্মাৱলম্বী লোকসকলৰ তৎপৰতাৰ ফলত শান্তি-সম্প্ৰীতিৰে ঈদ-উজ্-জোহা উদযাপিত হোৱা বাবে তামুলপুৰ জিলাবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

  • Related Posts

    • Current
    • September 17, 2025
    • 11 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 17 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *