জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন ৷

Telegram

জনজাতীয় গৌৰৱ দিৱস সমাৰোহ উদযাপন ৷

তামুলপুৰঃ

 

তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত ধর্তী আবা ভগৱান বিরছা মুণ্ডাৰ ১৫০ বছৰৰ জন্ম জয়তী বৰ্ষ

উপলক্ষে আজি জনজাতীয় গৌৰৱ দিৱস সমাৰোহ

উদযাপন কৰা হয়। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা সমাৰোহৰত পুৱৰ বীৰছা মুণ্ডাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে আৰু আদৰনী ভাষন আগবঢ়াই জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে ৷ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস এম চি এল এ হেমন্ত কুমাৰ ৰাভা অতিৰিক্ত আয়ুক্ত ড° দীপাংকৰ নাথ ৷ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে নিজৰ বক্তব্য ৰাখি বীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। বিটিআৰৰসকলো জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰি এখন শান্তিপূৰ্ণ বিটিচি লক্ষ্যত উপনীত হব পাৰে বহলাই । এম চি এল এ হেমন্ত কুমাৰ ৰাভাই জাতীয় বীৰ গৰাকীৰ ১৫০ বৰ্ষীয় জন্মজয়ন্তীৰ পবিত্ৰ স্মৃতিত আজি দেশে জনজাতিয় দিৱস হিচাপে পালন কৰে তাক বহলাই কয়। আনহাতে বীৰ গৰাকীৰ জীৱন কৃৰ্তি সন্দৰ্ভতো উপস্থিত ছাত্ৰছাত্ৰী ৰাইজক উদ্দেশ্যি কয় ৷ইপিনে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰছাত্ৰী সকলে জনজাতিয় গৌৰৱ দিৱসৰ সতে সংগতি ৰাখি জনগোষ্ঠীয় লোক নৃত্য পৰিবেশন কৰে ৷ এন আৰ এত এম ,কৃষি ,সমাজকল্যাণ, স্বাস্থ্য সেৱা ,বিদ্যুত আদি কেবাটাও বিভাগে প্ৰদৰ্শনীৰো দিহা কৰি ৰাইজৰ মাজত চৰকাৰী আঁচনি সমূহৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস কৰে। অনুষ্ঠানতসহকাৰী আয়ুক্ত কবিতা ফাংচু অনুপম ডেকা চক্ৰ বিষয়া এলিমা কাণ্ডুুলনা খণ্ড শিক্ষা বিষয়া অঞ্জয়খুংগুৰ ব্ৰহ্ম কে ধৰি বিভিন্ন বিভাগৰ বিষয় কৰ্মচাৰী সকল উপস্থিত আছিল।

  • Related Posts

    তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*

    Telegram

    TelegramTweet*তামুলপুৰত ৰাভা দিৱসৰ লাইভ কাৰ্যসূচী প্ৰদৰ্শন*   *তামুলপুৰ, ২০ জুন, ২০২৫* :   অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নলবাৰী জিলা প্ৰশাসনৰ সহযোগত চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত…

    চালক বিহীন ই ৰিক্সা পৰিল পানীত।

    Telegram

    TelegramTweetচালক বিহীন ই ৰিক্সা পৰিল পানীত।   প্ৰতিদিন বিশেষ সেৱা, নাগ্ৰীজুলি, ১৯ জুন-   তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত আজি দিনৰ ভাগত এখন চালক বিহীন ই ৰিক্সা পানীত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি…

    Leave a Reply

    Your email address will not be published. Required fields are marked *