
চামগুৰিত তাঞ্জিল হুছেইনৰ প্ৰাৰ্থীত্বক লৈ তীব্ৰ গৃহকণ্ডল
আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনক লৈ চামগুৰি সমষ্টি এতিয়া উত্তাল। কংগ্ৰেছৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত এই সমষ্টিত প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনৰ সম্ভাৱ্য প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি তীব্ৰ গৃহকণ্ডল দেখা গৈছে।
সংখ্যাঘৰিষ্ঠ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে মুকলিকৈ বিদ্ৰোহ ঘোষণা কৰি স্পষ্ট কৰিছে —
👉 “তাঞ্জিল হুছেইনক কোনো কাৰণতে প্ৰাৰ্থী হিচাপে গ্ৰহণ নকৰিব।”
👉 তেওঁলোকৰ মতে, তাঞ্জিল হুছেইন এজন ‘অযোগ্য প্ৰাৰ্থী’ আৰু কেৱল পিতৃৰ পৰিচয়ৰ বলত নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচাৰে।
কর্মীসকলে দলৰ শীৰ্ষ নেতৃত্বক সকীয়াই দিছে যে —
যদি দলীয় নেতৃত্বই তেওঁলোকৰ মতামতক উপেক্ষা কৰি তাঞ্জিলক প্ৰাৰ্থীত্ব দিয়ে, তেন্তে ফলাফল উপ-নিৰ্বাচনৰ দৰেই হ’ব।
এই বিৰোধিতা কংগ্ৰেছৰ বিৰুদ্ধে নহয়, কেৱল এজন ব্যক্তিৰ বিৰুদ্ধে।
তেওঁলোকে কয় — “বিধায়ক নুৰুল হুদাক আমি ভাল পাওঁ, তেওঁ আমাৰ আদৰ্শ। কিন্তু এই ক্ষেত্ৰত নুৰুল হুদাৰ কোনো ভূমিকা নাই।”
চামগুৰি সমষ্টিৰ ৰাইজৰ সুৰ একেবাৰে স্পষ্ট —
👉 “আমাৰ প্রয়োজন এজন যোগ্য প্ৰাৰ্থী। তাঞ্জিল হুছেইনৰ বাহিৰে আন যিকোনো যোগ্য প্ৰাৰ্থীক সমর্থন জনাবলৈ আমি সাজু।”
কর্মীসকলে দাবী কৰিছে —
তাঞ্জিলক প্ৰাৰ্থীত্ব দিয়া মানেই হ’ল চামগুৰি কংগ্ৰেছৰ হাতৰ পৰা হেৰাই যোৱা।
কিন্তু যদি এজন যোগ্য প্ৰাৰ্থীক বাছনি কৰা হয়, তেন্তে একত্ৰিত হৈ সমষ্টিটো পুনৰ কংগ্ৰেছৰ হাতলৈ ঘূৰাই আনি দিব।
👉 চামগুৰিত এই মুহূৰ্তত কংগ্ৰেছৰ ভিতৰৰ এই গৃহকণ্ডল আগন্তুক নিৰ্বাচনৰ ওপৰত গুৰুত্বপূর্ণ প্ৰভাৱ পেলাব বুলি ৰাজনৈতিক মহলৰ মত।