
গৌৰৱ গগৈক লক্ষ্য কৰি প্ৰমোদ বড়ো— “কমিছন কালচাৰ বি.পি.এফৰ শাসনত আছিল, এতিয়া শেষ হৈছে”
তামুলপুৰ জিলাত আয়োজিত এটা ৰাজনৈতিক যোগদান অনুষ্ঠানত বিটিচি (BTC) প্ৰধান প্ৰমোদ বড়োৱে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক লক্ষ্য কৰি তীব্ৰ আক্রমণ কৰে।
গৌৰৱ গগৈৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে মন্তব্য কৰে—
“গৌৰৱ গগৈয়ে অতীতত কমিছন দি পাইছিল কিজানি। সেই কমিছন দিয়া কালচাৰ বি.পি.এফ (BPF)-ৰ ১৭ বছৰীয়া শাসনত আছিল। কিন্তু এতিয়া সেই কমিছন কালচাৰ শেষ হৈছে। তেওঁ আজি যি বুলি আছে, সেইটো আগতে যি পৰিৱেশত আছিল, তাৰ পৰা শিকি লোৱা।”
প্ৰমোদ বড়োৱে লগতে কয় যে বি.পি.এফ শাসনৰ সময়ত দুৰ্নীতি আৰু অনিয়ম বিটিচিৰ এক প্ৰচলিত সংস্কৃতি হৈছিল। কিন্তু বিজেপি নেতৃত্বাধীন বিটিআৰ চৰকাৰ গঠনৰ পাছত সেই কালচাৰ সম্পূৰ্ণৰূপে অন্ত হৈছিল।
বিটিচি প্ৰধানই লগতে জোৰ দি কয়—
“জনগণৰ টকা মাত্ৰ উন্নয়নমূলক কামত ব্যয় হ’ব লাগিব। চৰকাৰৰ প্রতিটো পইচা জনগণৰ হিতত ব্যৱহাৰ হ’ব।”