গোৱাহাটীৰ পৰা আৰম্ভ কৰি গাওঁ গাওঁত ইউপিপিএল প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰিছে।

  • Current
  • September 17, 2025
  • 0 Comments
Telegram

গোৱাহাটীৰ পৰা আৰম্ভ কৰি গাওঁ গাওঁত ইউপিপিএল প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতি লাভ কৰিছে।

 

সমাগত বিটিআৰ নিৰ্বাচনৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টীত প্ৰতিদ্বন্দ্বিতা দিনক দিনেই উত্তপ্ত হৈ উঠিছে। সকলো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শনৰ প্ৰতিযোগিতাত মত্ত হৈ পৰিছে।

 

ইয়াৰ অংশস্বৰূপে প্ৰাৰ্থী বিপুল কুমাৰ বসুমতাৰীয়ে ৰামপুৰৰ বিভিন্ন অঞ্চলত ব্যাপক প্ৰচাৰ অভিযান চলাই ৰাইজৰ সম্বোধন কৰি কয় যে ২০২০ চনত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিআৰত শান্তি প্ৰতিষ্ঠা হৈছিল। তাৰ পিছৰ পৰা হত্যা, হিংসা, অপহৰণ আৰু ধনদাবীৰ ঘটনা প্ৰায় নাইকীয়া হৈছে বুলি তেওঁ দাবী কৰে।

 

আজিৰ দিনটোত গোঁসাই হাউলি, চাৰণপাৰা, বামুণঝাৰ, ৰামপুৰ, কাথেনী আদি প্ৰায় ১০/১২ খন গাঁও চুবুৰীত মাৰাথন প্ৰচাৰ সম্পন্ন কৰি বিপুল বসুমতাৰীয়ে কটাক্ষ কৰি কয় যে হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰৰ শাসনত মদ, ভাং আৰু জুৱাৰ আড্ডাৰ বাহিৰে কোনো ধৰনৰ উন্নয়ন ঘটাই নাছিল।

 

ইয়াৰ বিপৰীতে ইউপিপিএল চৰকাৰে ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতি আৰু মহিলাৰ কাৰণে বহুমুখী আঁচনি আগবঢ়াইছে। বিশেষকৈ “ছুপাৰ ফিফটি আঁচনি”-ৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক চিকিৎসক, ইঞ্জিনিয়াৰিং, APSC, UPSC আদি উচ্চ শিক্ষাত বিনামূলীয়া সুযোগ প্ৰদান কৰা হৈছে।

 

সেয়ে প্ৰাৰ্থীয়ে আগ্ৰহ প্ৰকাশ কৰে যে গোৰেশ্বৰবাসীয়ে এইবাৰো প্ৰমোদ বড়োৰ নেতৃত্বত ইউপিপিএল চৰকাৰক পুনৰ ক্ষমতালাভ কৰাব লাগে।

 

  • Related Posts

    • Current
    • September 17, 2025
    • 6 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 14 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *