
গোৰেশ্বৰত অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন
গোৰেশ্বৰৰ কলাগুৰু বিষ্ণুৰাভা ভৱনত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন অনুষ্ঠান ।
বিভিন্ন খেল -ধেমালি প্ৰতিযোগিতা, চিত্ৰাংকণ,কুইজৰ লগতে নৃত্য গীতৰ সমাহাৰ ঘটে অনুষ্ঠানত ।
গোৰেশ্বৰ আঞ্চলিক অৱসৰপ্ৰাপ্ত সৈনিক সন্থাৰ সভাপতি অনিল দাসৰ সভাপতিত্বত অনুষ্ঠিত হয় এখনি মুকলি সভা
সভাত বিটিআৰৰ এমচিএলএ পবিত্ৰ কুমাৰ বড়ো, গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ।
দিনৰ এঘাৰ বজাত পুৰস্কাৰ বিতৰণী অনুষ্ঠান আৰু ইয়াৰ পিছতে অনিল দাসৰ সভাপতিত্বত মুকলি সভা আৰম্ভণি হয়। মুকলি সভাত কেবাজনো বিশিষ্ট অতিথিৰ লগতে নিমন্ত্ৰিত অতিথিয়ে ভাগ লয়।সভাত গীত মাত নৃত্যৰ অনুষ্ঠানে উপস্থিত দৰ্শকক আপ্লুত কৰে।