গতিবেগ আৰু সুৰক্ষা উন্নত কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা স্থায়ী গতিবেগ সীমাবদ্ধতা অপসাৰণ

Telegram

গতিবেগ আৰু সুৰক্ষা উন্নত কৰাৰ অৰ্থে

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা স্থায়ী গতিবেগ সীমাবদ্ধতা অপসাৰণ

 

 

মালিগাওঁ, ১৯ জানুৱাৰী, ২০২৫:

 

বিভিন্ন খণ্ডত ৰে’ল চলাচলৰ গতিবেগ বৃদ্ধিৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰি আহিছে। এই ক্ষেত্ৰত, য’ত সম্ভৱ হয় অস্থায়ী আৰু স্থায়ী গতিবেগ সীমাবদ্ধতা অপসাৰণ কৰা হৈছে। তদুপৰি, বিভিন্ন খণ্ডত লুপ লাইনৰ মাজেৰে চলা ৰে’লৰ গতিও বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত সময়ানুৱৰ্তীতাৰ উন্নতিৰ উপৰিও ৰেলৰ গতিবেগ সামগ্ৰিকভাৱে বৃদ্ধি পাইছে আৰু যাত্ৰীসকলক বৰ্ধিত ৰেল সেৱা প্ৰদান কৰা হৈছে।

উত্তৰ পূব সীমান্ত ৰেলৱেই ডিচেম্বৰ, ২০২৪ মাহ পৰ্যন্ত ১০ টা স্থায়ী গতিবেগ সীমাবদ্ধতা (পিএছআৰ) অপসাৰণ/শিথিল কৰিছে। স্থায়ী গতিবেগ সীমাবদ্ধতা অপসাৰণ কৰাৰ অৰ্থে, জ্যামিতি সামঞ্জস্য কৰি বক্ৰতা হ্ৰাসৰ জৰিয়তে কাৰ্ভ স্বাভাৱিক কৰা হৈছে, যাতে বক্ৰতা হ্ৰাস পায় আৰু সেই খণ্ডসমূহৰ মাজেৰে ৰে’লসমূহে দ্ৰুত বেগত পাৰ হ’ব পাৰে। ইয়াৰ উপৰিও, ট্ৰেকসমূহৰ সমতল আৰু গ্ৰেডিয়েণ্টত কোনো আকস্মিক পৰিৱৰ্তন নোহোৱাটো নিশ্চিত কৰিবলৈ সেতুসমূহ সমতল কৰি তোলা হৈছে। এই পিএছআৰৰ অপসাৰণ উত্তৰ পূব সীমান্ত ৰেলৱেৰ অভিযান্ত্ৰিক দলৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰেই প্ৰমাণ।

এতিয়ালৈকে উত্তৰ পূব সীমান্ত ৰেলৱেত ৪৪ টা অস্থায়ী গতিবেগ সীমাবদ্ধতা (টিএছআৰ) বিদ্যমান আছে। গতিবেগ বৃদ্ধিৰ কামত সকলো আন্তঃগাঁথনি যেনে ট্ৰেক নৱীকৰণ, সেতু শক্তিশালীকৰণ, য’তেই সম্ভৱ হয় কাৰ্ভসমূহ সুগম কৰি তোলা, চিগনেলিং প্ৰণালীৰ উন্নতকৰণ ইত্যাদি কাম অন্তৰ্ভূক্ত থাকে।

উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ সমগ্ৰ নেটৱৰ্কত ট্ৰেকৰ স্থিতি উন্নত কৰাৰ অৰ্থে আৰু পিএছআৰ অপসাৰণ কৰিবলৈ সক্ৰিয়ভাৱে কাম কৰি আহিছে। এই প্ৰচেষ্টাসমূহত ট্ৰেক নৱীকৰণ, ট্ৰেক ৰক্ষণাবেক্ষণ, আৰু উন্নত সংকেত আৰু নিয়ন্ত্ৰণ প্ৰণালী স্থাপন অন্তৰ্ভূক্ত আছে। এই স্থায়ী গতিবেগ সীমাবদ্ধতাৰ অপসাৰণ কৰাটো সকলোৰে বাবে সুৰক্ষিত আৰু দক্ষ ৰেল যাত্ৰা প্ৰদান কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ প্ৰতিশ্ৰুতিৰ এটা মাত্ৰ উদাহৰণ।

  • Related Posts

    NFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border

    Telegram

    TelegramTweetNFR Strengthens Railway Security with Joint Patrolling Near Bangladesh Border   Maligaon, 01st May, 2025: In a significant step toward strengthening border security and ensuring the safety of railway assets…

    Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service

    Telegram

    TelegramTweet  Darjeeling’s Legendary Steam Locomotive No. 782B Marks 125 Years of Service   Maligaon, 17th April, 2025: In a remarkable tribute to India’s rich railway heritage, the Darjeeling Himalayan Railway…

    Leave a Reply

    Your email address will not be published. Required fields are marked *