কাজিৰঙাৰ কঁহৰা বনাঞ্চলত গঁড়ৰ আক্ৰমণ, আহত বনকৰ্মী
কঁহৰা, ৩১ জুলাই ২০২৫:
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কঁহৰা বনাঞ্চলত আজি এক ভয়ংকৰ অঘটন সংঘটিত হয়। এটা খঙাল গঁড়ে আকস্মিকভাৱে বনকৰ্মীলৈ চোঁচা মাৰে। গঁড়টোৰ খেদাত বনকৰ্মীজন হাতীৰ পিঠিৰ পৰা পৰি তীব্ৰভাৱে আহত হয়।
আহত বনকৰ্মীজনক মনোজ গগৈ বুলি চিনাক্ত কৰা হৈছে। তেখেত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে। গঁড়টোৰ আচৰিত আচৰণে বন কৰ্মচাৰীসকলৰ মাজত আতংক সৃষ্টি কৰিছে।
বন বিভাগৰ সূত্ৰে জনা মতে, গঁড়টোৱে আচৰিতভাৱে আক্রমণাত্মক ৰূপ লৈছিল। মনোজ গগৈক ততাতৈয়াকৈ উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।
এই ঘটনাই পুনৰ এবাৰ বন কৰ্মচাৰীসকলৰ বিপদজনক কৰ্মপদ্ধতি আৰু প্ৰাকৃতিক জীৱসৃষ্ট বিপদসমূহৰ প্রতি মনোনিবেশ কৰা আৱশ্যকতাক উজ্জ্বল কৰি তুলিছে।