কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতা

Telegram

কাছাৰ কাটিগড়াত বানৰ আশংকা, প্ৰশাসনৰ তৎপরতা

 

কাটিগড়া, ১৭ ছেপ্তেম্বৰঃ

যোৱা কেইদিন ধৰি অবিৰত বৰষুণৰ ফলত বৰাক নদীৰ পানী বিপদ সীমা অতিক্ৰম কৰাত কাছাৰ জিলাৰ কাটিগড়া অঞ্চলত বানৰ আশংকা সৃষ্টি হৈছে। বিশেষকৈ গণিৰগ্ৰাম–কাটিগড়া বাঁধৰ জিকে ডাইকৰ শান্তিপুৰ অংশত প্ৰায় ৩০ মিটাৰ এলাকা পানীৰ তলত পৰাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতঙ্ক দেখা দিছে।

 

ইপিনে প্ৰশাসনে জনাইছে যে পৰিস্থিতিৰ ওপৰত কঠোৰ নজৰ ৰখা হৈছে আৰু অতি শীঘ্ৰই প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব। কাটিগড়াৰ চাৰ্কল অধিকাৰী ড° ৰ’বাৰ্ট টোলৰ নিজে ক্ষতিগ্ৰস্ত স্থান পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক বাঁধ সুৰক্ষিত কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।

 

ইয়াৰ উপৰিও সীমান্ত পথৰ কালভাৰ্টৰ জৰিয়তে সুৰমা নদীৰ পানী প্ৰৱেশ কৰাৰ অভিযোগৰ বিষয়ে অধিকাৰী দপ্তৰৰ সৈতে আলোচনা কৰি দ্রুত সমাধানৰ আশ্বাস দিয়ে।

 

প্ৰশাসনীয় সূত্ৰে জনোৱা হৈছে, এতিয়াও কাটিগড়াত সোঁজাকৈ বানৰ পৰিস্থিতি সৃষ্টি হোৱা নাই। যদিও নদীৰ পানীৰ পৰিমাণ বৃদ্ধি পাই থকা পৰিপ্ৰেক্ষিতত ঝুঁকিপূৰ্ণ অঞ্চলবোৰ ইতিমধ্যে চিহ্নিত কৰি জনসাধাৰণক সতৰ্ক কৰাৰ লগতে প্ৰয়োজনীয় সতর্কতামূলক ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰা হৈছে।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰা

    Telegram

    TelegramTweetড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষত বিশেষ ১০০ টকাৰ মুদ্ৰা   গুৱাহাটী, ১৪ ছেপ্টেম্বৰঃ ভাৰতীয় সংগীতৰ দিগন্তপ্ৰসাৰক, “জনগণের কণ্ঠশিল্পী” ড: ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি এক ঐতিহাসিক দিনত বিশেষ মুদ্ৰাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *