কলিয়াবৰত থিয়েটাৰ বীণাপাণিৰ প্ৰথম নিশাৰ নাট মঞ্চস্থ নহ’ল, ক্ষোভ দৰ্শক-আয়োজকৰ
কলিয়াবৰ, ১৭ ছেপ্টেম্বৰঃ
কলিয়াবৰৰ কুঁৱৰীটোল গান্ধী খেলপথাৰত তিনিদিনীয়া নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হোৱা ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ বীণাপাণি প্ৰথম নিশাৰ নাট মঞ্চস্থ কৰিব নোৱাৰাত দৰ্শকৰ হতাশা আৰু ক্ষোভ উদ্ভৱ হয়। আজাদ ক্লাবৰ উদ্যোগত অনুষ্ঠিত এই নাট্যোৎসৱৰ প্ৰথম দিনাই নাট প্ৰদৰ্শন নোহোৱাত প্ৰেক্ষাগৃহত উপস্থিত নাট্যপ্ৰেমীসকলে নিৰাশচিত্তে উভতি যাব লগা হয়।
প্ৰেক্ষাগৃহ আৰু মঞ্চৰ শব্দ-পোহৰৰ সকলো কাম-কাজ নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰিবলৈ ব্যৰ্থ হোৱাৰ ফলত নাট প্ৰদৰ্শন অসম্ভৱ হৈ পৰে। যদিও শিল্পীসকলে উপস্থিত আছিল—জনপ্ৰিয় অভিনেতা বিপুল ৰাভা, ধ্ৰুৱ কাশ্যপ, ৰাজীৱ দাস, পূজা তালুকদাৰ, অনুজা বৰা, মৌচুমী সিং শৰ্মা আদি—তথাপিও মঞ্চ সাজু নোহোৱাত নাট প্ৰদৰ্শন বিৰত ৰাখিবলগা হয়।
এই পৰিস্থিতিত অভিনেতা বিপুল ৰাভাই কলিয়াবৰৰ নাট্যপ্ৰেমী দৰ্শকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। অন্যপক্ষে, মঞ্চ উদ্ধোধনৰ বাবে উপস্থিত বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰনাথ হাজৰিকাই থিয়েটাৰ বীণাপাণিৰ দায়িত্বহীনতাৰ তীব্ৰ সমালোচনা কৰে।
আয়োজক আজাদ ক্লাবে জানিবলৈ দিছে যে প্ৰতিনিশা ৫৫ হাজাৰ টকাকৈ মুঠ ১ লাখ ৬৫ হাজাৰ টকাত নাট প্ৰদৰ্শনৰ বাবে চুক্তিবদ্ধ হৈছিল। আগতীয়াকৈ টিকট বিক্ৰী কৰি অর্থনৈতিক ক্ষতিও ভোগ কৰিব লগা হৈছে বুলি উদ্যোক্তাসকলে অভিযোগ তুলি ধৰিছে।
ইপিনে, থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক প্ৰনৱ বৰ্মনে প্ৰতিকূল বতৰ আৰু সামগ্ৰী কঢ়িয়াই অনা দুটা বাহনৰ যান্ত্ৰিক বিজুতিৰ বাবে মঞ্চ সাজু কৰি তুলিব নোৱাৰাৰ যুক্তি দেখুৱাই দায়সৰা মন্তব্য আগবঢ়ায়