এসময়ত মানুহে আহযাহ কৰিবলৈ ভয় কৰা বা উগ্ৰপন্থীৰ ঘাটি বুলি বদনাম থকা শুক্লাইত মানুহ আহিছে ।

  • Current
  • January 2, 2025
  • 0 Comments
Telegram

এসময়ত মানুহে আহযাহ কৰিবলৈ ভয় কৰা বা উগ্ৰপন্থীৰ ঘাটি বুলি বদনাম থকা শুক্লাইত মানুহ আহিছে ।

যত মানুহ আহিবলৈ ভয় কৰিছিল তাত মানুহে ভালপোৱা কৰাটো মোৰ উদ্দেশ্য ।

মোৰ উদ্দেশ্য সফল হৈছে মই নিৰ্মাণ কৰা শুক্লাই পাৰ্কখনৰ ।

শুক্লাইৰ জৗহৗলাওফুৰী পাৰ্কৰ ভিন্ন ৰঙী ফুলে হাত বাউলি দি মাতিছে পৰ্যটকক।

গোৰেশ্বৰৰ শুক্লাই নৈৰ পাৰত থকা জৗহৗলাওফুৰী পাৰ্কখনত নৱবৰ্ষত উপস্থিত হৈ এইদৰে কলে

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ।

বড়োসকলৰ কেইবাজনো বীৰ-বীৰাংগনাৰ স্মৃতি বিজড়িত ‘বীৰ-বীৰাংগনাৰ সোঁৱৰণী পাৰ্কখন’ত কন কন শিশুৰ সৈতে

আৰু জন্মস্থানৰ ৰাইজৰ লগত একেলগে মতবিনিময় কৰে ।

উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু হৰ্খাব নাৰ্জাৰীৰ স্মৃতিস্তম্ভ এই জহলাওফুৰী পাৰ্কখন সজাই তোলাত বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী সফল হৈছে বুলি মন্তব্য কৰে

লগতে সৰু ল’ৰা-ছোৱালীৰ বাবে নানান খেলা-ধূলাৰ সুবিধাৰে সুসজ্জিত পাৰ্কখনত আৰু সজাই পৰাই তোলাৰ চিন্তা কৰা হব বুলি জানিব দিয়ে তেওঁ ।

লগতে নৱবৰ্ষৰ দিনাই প্ৰায় ৫০ লাখ টকা ব্যয় সাপেক্ষে পাৰ্কখনত এখন সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে তেওঁ

বিটিআৰৰ ইএম ৰনেন্দ্ৰ নাৰ্জাৰী আৰু সপত্নীৰ উপস্থিতিত ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে।

বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শুক্লাইৰ ‘জৗহলাওফুৰী উদ্যান’ত বিগত কেইবাদিনো ভীৰ কৰিছে হাজাৰ হাজাৰ লোকে। বি টি আৰৰ ২৯নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শুক্লাই নদীৰ পাৰত জৗহলাওফুৰী পাৰ্কখন নিৰ্মাণ কৰি উলিয়াইছে । জানিব পৰা মতে জৗহলাও বড়ো শব্দৰ অসমীয়া অৰ্থ ‘বীৰ বীৰাংগনা’। বড়োসকলৰ কেইবাজনো বীৰ-বীৰাংগনাৰ স্মৃতি বিজড়িত ‘বীৰ-বীৰাংগনাৰ সোঁৱৰণী পাৰ্কখন’ৰ নতুন ৰূপে আকৰ্ষিত কৰিছে সকলোকে। উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু হৰ্খাব নাৰ্জাৰীৰ স্মৃতিস্তম্ভ এইখন জহলাওফুৰী পাৰ্ক। এসময়ত মানুহে আহযাহ কৰিবলৈ ভয় কৰা বা উগ্ৰপন্থীৰ ঘাটি বুলি বদনাম থকা এই অঞ্চলটোৰ বগামাটিকে ধৰি বিভিন্ন পৰ্যটনস্থলীসমূহে ৰাইজক আমন্ত্ৰণ জনাইছে।ইপিনে পাৰ্কখনত সৰু ল’ৰা-ছোৱালীৰ বাবে আছে নানান খেলা-ধূলাৰ সুবিধাৰে সুসজ্জিত কৰি তুলিছে ৷লগতে জৗহলাওফুৰী পাৰ্কৰ সমীপৰ শুক্লাই নদীত পক্ষীৰ কলৰৱ ধ্বনিয়ে সকলোকে মুহিত কৰিছে৷ আনহাতে বড়োসকলৰ কেইবাজনো বীৰ-বীৰাংগনাৰ স্মৃতি বিজড়িত ‘বীৰ-বীৰাংগনাৰ সোঁৱৰণী পাৰ্কখন’ৰ নতুনৰূপে আকৰ্ষিত কৰিছে সকলোকে৷ এই পাৰ্কখন এটা সময়ত জৰাজীৰ্ণ হৈ আছিল যদিও শুক্লাই-চেৰফাং সমষ্টিক প্ৰতিনিধিত্ব কৰা বিটিআৰৰ পৰিবহণ বিভাগৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীৰ নিজা উদ্যোগত এতিয়া প্ৰাণ পাই উঠিছে পাৰ্কখনে। ৰনেন্দ্ৰ নাৰ্জাৰী নিজে এগৰাকী কৃষি কৰ্মৰ সৈতে জড়িত হোৱাৰ লগতে বাগিছা আদিৰ প্ৰতি থকা ধাউতিৰ বাবে এতিয়া নিজে সজাই-পৰাই তুলিছে এই পাৰ্কখন।ভাৰত-ভূটান সীমান্তৰ পৰ্যটনস্থলী বগামাটিলৈ যোৱাৰ পথতে অৱস্থিত হোৱা লগতে আৰু ইয়াৰ নান্দনিক পৰিৱেশৰ বাবে হাজাৰ হাজাৰ পৰ্যটকে বগামাটিৰ পৰা উভতি যোৱাৰ সময়ত বিয়লি বেলাটো সুন্দৰকৈ উপভোগ কৰিবলৈ সক্ষম হৈছে।বিটিআৰৰ কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰীৰ এই পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।তদুপৰি অনাগত দিনতো এই পাৰ্কখনে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো ভূমিকা কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

  • Related Posts

    • Current
    • June 20, 2025
    • 8 views
    • 1 minute Read
    গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান

    Telegram

    TelegramTweet📡 গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত সাংবাদিকসকলৰ সন্মিলন অনুষ্ঠান   আজিৰে দিনটো গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ বাবে বিশেষ হিচাপে চিহ্নিত হৈ ৰ’ল। বাতৰি বিভাগৰ নতুন নিযুক্ত সংবাদদাতাসকলৰ বাবে আয়োজন কৰা হৈছিল…

    • Current
    • June 20, 2025
    • 4 views
    • 1 minute Read
    তামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক।

    Telegram

    TelegramTweetতামুলপুৰত লোমহৰ্ষক হত্যাকাণ্ড — স্বামীয়ে হত্যা কৰিলে পত্নীক। পত্নীক হত্যা কৰি ৰক্তপান কৰিলে নৰাধম স্বামী বিকাশ বিশ্বাসে।   তামুলপুৰ ২০ জুন :   তামুলপুৰ জিলাৰ আঙাৰকাটাৰ শান্তিপুৰত আজি এক লোমহৰ্ষক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *