উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন মণ্ডল আৰু ৱৰ্কশ্বপত ৫৬৪৭ জন এপ্ৰেণ্টিছক চাকৰি সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান ।

Telegram

উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন মণ্ডল আৰু ৱৰ্কশ্বপত ৫৬৪৭ জন এপ্ৰেণ্টিছক চাকৰি সম্পৰ্কীয় প্ৰশিক্ষণ প্ৰদান

 

মালিগাঁও, ৬ নৱেম্বৰ, ২০২৪:

উত্তৰ-পূব সীমান্ত ৰে’লৱেই (এনএফআৰ) ইয়াৰ বিভিন্ন মণ্ডল আৰু ৱৰ্কশ্বপত ৫৬৪৭ জন এক্ট এপ্ৰেণ্টিছ শ্লটৰ বাবে এক ব্যাপক প্ৰশিক্ষণৰ কাৰ্যসূচী ঘোষণা কৰিছে। এপ্ৰেণ্টিছ আইন ১৯৬১-ৰ অধীনত, এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নিৰ্ধাৰিত ট্ৰেডসমূহৰ হাতে-কামে প্ৰশিক্ষণ প্ৰদান কৰা আৰু ইয়াৰ ফলস্বৰূপে এই অধিক্ষেত্ৰৰ সংশ্লিষ্ট অঞ্চলসমূহৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তিৰ সুযোগ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এই কেন্দ্ৰীভূত শিক্ষানবিচ অধিসূচনাখনত এক বিতং বিৱৰণ সন্নিৱিষ্ট কৰা হৈছে, য’ত অনলাইন যোগে আবেদন ৪ নৱেম্বৰ ২০২৪ তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ৩ ডিচেম্বৰ, ২০২৪ তাৰিখে বন্ধ হ’ব।

 

এই এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচীৰ জৰিয়তে, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ লক্ষ্য হৈছে ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক আৰু আন বহুতো কাৰিকৰী শ্ৰেণীৰ দৰে ট্ৰেডসমূহত ইচ্ছুক পেছাদাৰীসকলৰ দক্ষতাৰ বিকাশ আৰু ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰা। ইমান বৃহৎ সংখ্যক শিক্ষানবিচ গ্ৰহণৰ সৈতে, উত্তৰ পূৱ সীমান্ত ৰেলৱেই আৰ্থিক সমৃদ্ধিৰ লগতে চাকৰিৰ বাবে সাজু দক্ষতা সম্পন্ন যুৱক-যুৱতীসকলক সৱলীকৰণ কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰশিক্ষণ প্ৰক্ৰিয়াৰ সময়ত যুৱক-যুৱতীসকলক এক বৃত্তিমুখী ভাট্টাৰ দ্বাৰাও লাভান্বিত কৰা হব।

 

মেট্ৰিক আৰু আইটিআই পাঠ্যক্ৰমত প্ৰাপ্ত কৰা নম্বৰকে ধৰি বাছনি প্ৰক্ৰিয়াটোত প্ৰাৰ্থীসকলৰ শৈক্ষিক অৰ্হতা মূল্যাঙ্কন মেধাভিত্তিত কৰা হব। নথি-পত্ৰ প্ৰমাণীকৰণ পৰ্যায়ৰ পিছত, সফল প্ৰাৰ্থীসকলে এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচীত যোগদান কৰিব পাৰিব, য’ত উদ্যোগৰ মানদণ্ড পূৰণ কৰাৰ লগতে বৰ্তমান সময়ৰ কৰ্ম-সংস্থাপনৰ বাবে প্ৰাসঙ্গিক হোৱাকৈ সু-সঙ্গতভাৱে তেওঁলোকক কাৰিকৰী দক্ষতাসম্পন্ন কৰি গঢ়ি তোলা হ’ব ।

 

এই প্ৰশিক্ষণ প্ৰদান কৰা মণ্ডলসমূহৰ ভিতৰত আছে- কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া; লগতে প্ৰতিটো মণ্ডলে একাধিক ট্ৰেডত শিক্ষানবিচ প্ৰদান কৰিব। এই পদক্ষেপে এক সুদক্ষ প্ৰতিভাৰ সৃষ্টিৰ প্ৰতি উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ একনিষ্ঠা মনোভাৱক প্ৰতিফলিত কৰিছে, যি কেৱল সমাজৰ প্ৰতি থকা দায়বদ্ধতা পূৰণ কৰাই নহয়, লগতে বহনক্ষম অৰ্থনৈতিক বিকাশকো আগবঢ়াই নিব।

 

আগ্ৰহী প্ৰাৰ্থীসকলক অন্তিম মুহূৰ্তৰ কাৰিকৰী ত্ৰুটি পৰিহাৰ কৰিবলৈ তেওঁলোকৰ আৱেদন সোনকালে দাখিল কৰাৰ বাবে আহ্বান জনোৱা হৈছে। প্ৰাৰ্থীসকলক উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ৰে’লৱে নিযুক্তি কোষৰ (আৰআৰচি) চৰকাৰী ৱেবছাইট www.nfr.indianrailways.gov.in যোগে আবেদন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। আৱেদন প্ৰক্ৰিয়া, যোগ্যতাৰ মানদণ্ড আৰু প্ৰশিক্ষণ শ্লটৰ বিষয়ে অধিক বিৱৰণৰ বাবে, প্ৰাৰ্থীসকলক ৰে’লৱে নিযুক্তি কোষ, উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ চৰকাৰী ৱেবছাইট অৱলোকন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

  • Related Posts

    Swachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission

    Telegram

    TelegramTweetSwachhata Drive Gains Momentum Across N. F. Railway Under Nationwide Cleanliness Mission   Maligaon, 09th August, 2025:   In line with Indian Railways nationwide Swachhata Campaign launched in connection with…

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন 

    Telegram

    TelegramTweetউত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা মালিগাঁওত দুখন নৱনিৰ্মিত লন টেনিছ ক’ৰ্টৰ উদ্বোধন    মালিগাঁও, ৩ আগষ্ট, ২০২৫: উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীৱাস্তৱে ৩০ জুলাই ২০২৫ তাৰিখে মালিগাঁওৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *