উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আইআইটি-গুৱাহাটীৰ মাজত সেঁতু সুৰক্ষা প্ৰযুক্তিৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনা বৈঠকৰ আয়োজন।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আইআইটি-গুৱাহাটীৰ মাজত সেঁতু সুৰক্ষা প্ৰযুক্তিৰ ওপৰত উচ্চ পৰ্যায়ৰ আলোচনা বৈঠকৰ আয়োজন।

 

 

মালিগাওঁ, ১২ ডিচেম্বৰ, ২০২৪:

 

মালিগাওঁস্থিত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ (নিৰ্মাণ) মুখ্য কাৰ্যালয়ত উত্তৰ পূব সীমান্ত ৰে’লৱে আৰু আইআইটি-গুৱাহাটীৰ মাজত আজি এক উচ্চ পৰ্যায়ৰ কাৰিকৰী বিষয়ক আলোচনা আৰু উপস্থাপন বৈঠক অনুষ্ঠিত হয়, য’ত অট’মেটেড ব্ৰীজ মণিটৰিং আৰু ৰবটিক আণ্ডাৰ ৱাটাৰ ব্ৰীজ ৰক্ষণাবেক্ষণৰ বাবে কেইবাটাও অত্যাধুনিক প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হয় আৰু এই দিশত দুয়োটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ মাজত সহযোগিতাৰ বাবে বিতং ৰোড মেপ প্ৰস্তুত কৰা হয়।

বৈঠকৰ সময়চোৱাত আলোচনা কৰা এক গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত বিষয় আছিল ৰেলৱে সেঁতুৰ এক অত্যাধুনিক আণ্ডাৰ ৱাটাৰ নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণ প্ৰণালী, য’ত ৱাণ্ডাৰ ৱাটাৰ ব্ৰীজ ৰক্ষণাবেক্ষণৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ৰবটিক্স আৰু এআই আধাৰিত প্ৰণালী প্ৰয়োগ কৰা হ’ব, যাৰ ভিতৰত আছে ত্ৰুটি চিনাক্তকৰণ আৰু ৰেট্ৰোফিটিং। আলোচনাৰ আন এক গুৰুত্বপূৰ্ণ বিষয় আছিল ৰে’লৱে ব্ৰীজৰ স্বয়ংক্ৰিয় নিৰীক্ষণৰ বাবে এক কমাণ্ড চেণ্টাৰ আধাৰিত পূৰ্বাভাষ তত্বাৱধান প্ৰণালী, যি হৈছে পূৰ্বাভাষৰ বিশ্লেষণৰ জৰিয়তে সেঁতু সুৰক্ষা বৃদ্ধিৰ এক অত্যাধুনিক পদক্ষেপ।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱ, উত্তৰ-পূব সীমান্ত ৰে’লৱে (নিৰ্মাণ)ৰ মহাপ্ৰৱন্ধক শ্ৰী অৰুণ কুমাৰ চৌধাৰী আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্যান্য জ্যেষ্ঠ বিষয়াবৰ্গৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। আলোচনা বৈঠকত আইআইটি-গুৱাহাটীৰ বিভিন্ন বিভাগৰ জ্যেষ্ঠ অধ্যাপকসকলো উপস্থিত থাকে। শেহতীয়াকৈ উত্তৰ পূব সীমান্ত ৰেলৱেই ৰে’ল আন্তঃগাঁথনিত সুৰক্ষা, দক্ষতা আৰু স্থিৰতা বৃদ্ধিৰ বাবে উদ্ভাৱনীমূলক সমাধানৰ দিশত আইআইটি গুৱাহাটীৰ সৈতে কৌশলগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে।

উত্তৰ পূব সীমান্ত ৰেলৱে আৰু আইআইটি গুৱাহাটীৰ মাজত হোৱা সহযোগিতাই ৰে’ল খণ্ডত ব্যৱহাৰিক ৰূপায়ণৰ ক্ষেত্ৰত বৌদ্ধিক গৱেষণাৰ একত্ৰিতকৰণৰ পক্ষে এক মাপকাঠি নিৰ্ধাৰণ কৰিছে। সুৰক্ষা, দক্ষতা আৰু স্থিৰতাক অগ্ৰাধিকাৰ দিয়াৰ সময়ত ভাৰতৰ ৰে’লৱে নেটৱৰ্ক আধুনিকীকৰণৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

  • Related Posts

    Indian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations

    Telegram

    TelegramTweetIndian Railways Introduces Aadhaar-Based Authentication for Early Online Reservations   Maligaon, 16th September, 2025:   The Ministry of Railways has announced a new measure to ensure that the benefits of…

    মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন 

    Telegram

    TelegramTweetমাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা বিহাৰত ৩৬,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন  মালিগাওঁ, ১৪ ছেপ্টেম্বৰ, ২০২৫:   প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত বৰ্ষৰ ১৫ ছেপ্টেম্বৰত বিহাৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *