উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সেৱা আৰু আন্তঃগাঁথনিৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন

Telegram

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা সেৱা আৰু আন্তঃগাঁথনিৰ দিশত উল্লেখযোগ্য সফলতা অৰ্জন

মালিগাঁও, ১৮ আগষ্ট, ২০২৫:

উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্ৰীৰ সা-সুবিধা আৰু পৰিচালন দক্ষতা বৃদ্ধিৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। টিকট কাউণ্টাৰসমূহত যাত্ৰীৰ ভিৰ হ্ৰাস কৰিবলৈ ৬৯ টা ষ্টেচনত ১৪৫ টা অটোমেটিক টিকট ভেণ্ডিং মেচিন (এটিভিএম) স্থাপন কৰা হৈ আছে। এই এটিভিএমসমূহ ২৪x৭ মানৱৰহিত কিঅ’স্ক হিচাপে কাম কৰিব, যাৰ ফলত যাত্ৰীসকলে স্মাৰ্ট কাৰ্ড বা কিউআৰ ক’ড ব্যৱহাৰ কৰি অসংৰক্ষিত টিকট ক্ৰয় কৰিব পাৰিব। স্মাৰ্ট কাৰ্ডসমূহ নিৰ্ধাৰিত টিকট কাউণ্টাৰসমূহত ৰিচাৰ্জ কৰিব পৰাৰ লগতে নিৰৱচ্ছিন্ন ৰেল যাত্ৰাৰ অভিজ্ঞতা নিচ্ছিত হৈ উঠিব।

সময়ানুৱৰ্তিতাৰ ক্ষেত্ৰত উল্লেখযোগ্য প্ৰগতি পৰিলক্ষিত হৈছে, মেইল/এক্সপ্ৰেছ ৰেলসমূহৰ ক্ষেত্ৰত ৰেলৱে ব’ৰ্ডৰ ৮৫% লক্ষ্যৰ বিপৰীতে ০.৯৩% অগ্ৰগতি হৈছে আৰু বিগত বছৰৰ তুলনাত ২.৫৭% ৰ বৃদ্ধি হৈছে, যাৰ ফলত উত্তৰ-পূব সীমান্ত ৰেলৱে সমগ্ৰ জ’নেল ৰেলৱেৰ ভিতৰত ৫ম স্থানত আছে। ১৪ যোৰ ৰেলগাড়ীৰ উন্নত মানসম্পন্নকৰণ, ৬৬ খন ৰেলগাড়ীৰ গতিবেগ বৃদ্ধি কৰি প্ৰতিটো যাত্ৰাত গড়ে ২২ মিনিট সময় ৰাহি কৰা আৰু ৬৩ খন ৰেলগাড়ীৰ প্ৰধান ষ্টেচনসমূহত সময়সূচী সংশোধনৰ দৰে পদক্ষেপসমূহ এই সফলতাসমূহৰ পিছত উল্লেখযোগ্য কাৰকৰূপে প্ৰতিফলিত হৈছে। সংযোগ ব্যৱস্থা শক্তিশালী কৰিবলৈ চাৰিখন নতুন ৰেল সেৱা আৰম্ভ কৰা হৈছে, যাৰ ভিতৰত বঙাইগাঁও – গুৱাহাটী পেছেঞ্জাৰ, তিনিচুকীয়া – নাহৰলগুন এক্সপ্ৰেছ, গুৱাহাটী – উত্তৰ লখিমপুৰ জন শতাব্দী এক্সপ্ৰেছ আৰু শিয়ালদহ – জলপাইগুড়ী ৰোড এক্সপ্ৰেছ অন্তৰ্ভূক্ত আছে। ইয়াৰ উপৰি শিলচৰ – মহিষাসন পেছেঞ্জাৰৰ ফ্ৰীকুৱেন্সী সপ্তাহত ছয় দিনলৈ বৃদ্ধি কৰা হৈছে। আধুনিকীকৰণৰ প্ৰচেষ্টা অব্যাহত আছে, য’ত কিষাণগঞ্জ – আজমেৰ গৰীব নৱাজ এক্সপ্ৰেছক এলএইচবি ডবালৈ ৰূপান্তৰ, ১৭ যোৰ ৰেলগাড়ীক সম্পূৰ্ণৰূপে বৈদ্যুতিক ট্ৰেকচনলৈ ৰূপান্তৰ আৰু ৯৩ টা ডবাৰ স্থায়ী সংযোজনৰ জৰিয়তে ৬,৯২৯ টা অতিৰিক্ত বাৰ্থ প্ৰদান কৰা হৈছে।

মালবাহী ৰেলৰ পৰিবহণৰ ক্ষেত্ৰতো উল্লেখযোগ্য প্ৰগতি পৰিলক্ষিত হৈছে, বিগত বছৰৰ এই একেই সময়চোৱাৰ তুলনাত চলিত বছৰৰ জানুৱাৰী – জুলাই ২০২৫ মাহৰ সময়চোৱাত ৬.৯% বৃদ্ধিৰ সৈতে ৬.৮১৯ মিলিয়ন টন মালবাহী ৰেল লোড কৰা হৈছে। উল্লেখযোগ্য অগ্ৰগতিসমূহৰ ভিতৰত বাঁহ পৰিবহণত ৩,৭০০% আৰু শিলগুটিৰ ৮৪.৯% বৃদ্ধি অন্তৰ্ভুক্ত আছে। ৰেল পৰিচালনৰ ক্ষেত্ৰত, য’ত এদিনত সৰ্বাধিক ৫৫ খন ৰেলগাড়ীৰ ইন্টাৰচেঞ্জ, সৰ্বাধিক ১৫৫ খন ৰেলগাড়ীৰ বাৰচোই-সুধানি খণ্ডত পৰিচালন আৰু এদিনত সৰ্বাধিক ৯৬০ টা ৱাগনৰ লোডিঙৰ অন্তৰ্ভূক্তিৰে এই ৰেলৱেই অভিলখ গঢ়ি তুলিছে। মালবাহী ৰেলৰ ক্ষমতা বৃদ্ধিৰ বাবে নিশ্চিন্তপুৰ, ধামালগাঁও, মিৰ্জা, বিশ্ৰামগঞ্জ আৰু বালুৰঘাটত গতি শক্তি কাৰ্গো টাৰ্মিনেলৰ দৰে নতুন টাৰ্মিনেলসমূহ চালু কৰা হৈছে। এই সফলতাসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা যাত্ৰীৰ সুবিধা বৃদ্ধি, সময়ানুৱৰ্তিতা উন্নত কৰা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশৰ বাবে মালবাহী ৰেলৰ ব্যৱসায় সম্প্ৰসাৰণৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিকেই প্ৰতিফলিত কৰিছে।

  • Related Posts

    RPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs

    Telegram

    TelegramTweetRPF of NFR sizedContraband Items (Ganja) worth above Rs 6.20 Lacs Also apprehended 03 females & one male involved in its Smuggling   Maligaon, 10th September, 2025:   The Railway…

    NFR achieved a 14.1% rise in freight loading

    Telegram

    TelegramTweetNFR achieved a 14.1% rise in freight loading   Maligaon, 9th September, 2025:   Northeast Frontier Railway (NFR) is tirelessly working round the clock to serve its customers and ensure…

    Leave a Reply

    Your email address will not be published. Required fields are marked *