
উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা ডিচেম্বৰ ২০২৪ ত ১১৮৪ খন মালবাহী ৰেলৰ ৰেক আনলোড
মালিগাওঁ, ০৮ জানুৱাৰী, ২০২৫:
উত্তৰ পূব সীমান্ত ৰেলৱেই উক্ত মাহটোত এফচিআই চাউল, চেনী, নিমখ, খোৱা তেল, খাদ্যশস্য, সাৰ, টেংক, কয়লা আৰু অন্যান্য সামগ্ৰী আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী পৰিবহন কৰি সেইসমূহ ইয়াৰ অধিক্ষেত্ৰৰ অন্তৰ্গত বিভিন্ন গুডচ শ্বেডত আনলোড কৰে।
গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰেলপথৰ কাম সম্পাদন, উন্নত টাৰ্মিনেল সঞ্চালন সুবিধাৰ ফলত মাল পৰিবহনৰ অন্তৰ্মূখী আৰু বহিৰ্গামী চলাচল বৃদ্ধি পাইছে। সকলো স্তৰত নিৰন্তৰ নিৰীক্ষণৰ ফলত টাৰ্ণ এৰাউণ্ড সময় হ্ৰাস হোৱাৰ লগতে আনলোডিঙৰ দক্ষতাও বৃদ্ধি হৈছে। ইয়াৰ ফলত মালবাহী ৰেলৰ আনলোডিং বৃদ্ধি হোৱাৰ উপৰিও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ চলাচলো বৃদ্ধি হৈছে।