উত্তৰ পূব সীমান্ত ৰেলৱেৰ পাৰ্চেল কাৰ্যালয়সমূহত পেমেন্টৰ বাবে কিউআৰ ডিভাইচ উপলব্ধ ।

Telegram

উত্তৰ পূব সীমান্ত ৰেলৱেৰ পাৰ্চেল কাৰ্যালয়সমূহত পেমেন্টৰ বাবে কিউআৰ ডিভাইচ উপলব্ধ 

মালিগাওঁ, ১০ ডিচেম্বৰ, ২০২৪:

 

পাৰ্চেল খণ্ডত ৰে’লৰ ৰাজহ বৃদ্ধি কৰিবলৈ আৰু পাৰ্চেল পৰিবহনকাৰীসকলৰ বাবে সহজে ব্যৱসায় কৰাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ধাৰাবাহিক প্ৰচেষ্টাৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই ইয়াৰ পাৰ্চেল কাৰ্যালয়সমূহত ডিজিটেল পেমেন্ট পদ্ধতি প্ৰৱৰ্তন কৰিছে। ০৪ ডিচেম্বৰ, ২০২৪ তাৰিখলৈকে উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ পাৰ্চেল খণ্ডত ৪৬.৫% ডিজিটেল পেমেন্ট শ্বেয়াৰ অৰ্জন কৰিছে। উত্তৰ পূব সীমান্ত ৰেলৱেই ইয়াৰ সকলো পাৰ্চেল কাৰ্যালয়ক পৰ্যায়ক্ৰমে ডিজিটেল পেমেন্ট পদ্ধতিৰে সজ্জিত কৰাৰ পৰিকল্পনা কৰিছে।

 

ৰে’লৱে ব’ৰ্ডৰ নিৰ্দেশনা অনুসৰি, ডিজিটেল পেমেন্ট সক্ৰিয় কৰি তোলাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেই ০৬ নৱেম্বৰ, ২০২৪ তাৰিখে কাটিহাৰ মণ্ডলৰ নিউ জলপাইগুড়ীৰ পাৰ্চেল কাৰ্যালয়ত পইণ্ট অফ ছেল (পি.ও.এছ.)ৰ জৰিয়তে পেমেন্টৰ সুবিধা প্ৰৱৰ্তন কৰে। লগতে, ১৬ নৱেম্বৰ, ২০২৪ তাৰিখে নিউ জলপাইগুড়ীত আৰু গুৱাহাটী পাৰ্চেল কাৰ্যালয়ত কিউআৰ কোড পেমেন্টৰ সুবিধা আৰম্ভ কৰা হয়। ডিজিটেল পেমেণ্ট পদ্ধতি প্ৰৱৰ্তন কৰাৰ পিছৰে পৰা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ মণ্ডলসমূহে বিভিন্ন ডিজিটেল গেটৱেৰ জৰিয়তে পাৰ্চেল সামগ্ৰী বুকিঙত ক্ৰমান্বয়ে বৃদ্ধি প্ৰদৰ্শন কৰিছে। ০৪ ডিচেম্বৰ, ২০২৪ তাৰিখলৈকে, পাৰ্চেল বুকিঙত ৰঙিয়া মণ্ডলে ৮৫.৬%, কাটিহাৰ মণ্ডলে ৮৩.৬% পঞ্জীয়ন কৰাৰ লগতে আলিপুৰদুৱাৰ মণ্ডলে পাৰ্চেল বুকিঙত ৬৩.৯% ডিজিটেল পেমেন্ট পঞ্জীয়ন কৰে। পাৰ্চেল বুকিঙৰ সময়ত কাৰ্ড, ইণ্টাৰনেট বেঙ্কিং, পিঅ’এছৰ জৰিয়তে কিউআৰ কোড, কিআৰডিৰ জৰিয়তে কিউআৰ কোড ইত্যাদিৰ জৰিয়তে পেমেন্ট কৰিব পাৰিব আৰু এনেদৰে নগদবিহীন লেনদেন সক্ষম কৰিব পৰা যাব।

ৰে’লৰ দ্বাৰা সামগ্ৰীৰ পৰিবহন সুলভ, পথ পৰিবহনৰ তুলনাত দ্ৰুততৰ আৰু ই হৈছে পৰিবহনৰ আটাইতকৈ পৰিৱেশ-অনুকূল মাধ্যম। উত্তৰ পূব সীমান্ত ৰে’লৱেই আশা কৰে যে ৰে’লৱেৰ দ্বাৰা প্ৰদান কৰা বিভিন্ন পদক্ষেপ আৰু আঁচনিয়ে ব্যৱসায়ী আৰু এগ্ৰিগেটৰসকলক পাৰ্চেল ৰেল/ভানৰ জৰিয়তে তেওঁলোকৰ সামগ্ৰী পৰিবহনৰ বাবে বৃহৎৰূপে সহায় কৰিব।

  • Related Posts

    • Current
    • September 17, 2025
    • 5 views
    • 1 minute Read
    তামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি

    Telegram

    TelegramTweetতামুলপুৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত ১৬৩ ধাৰা জাৰি   তামুলপুৰ, ১৭ ছেপ্টেম্বৰঃ   বিটিচি নিৰ্বাচন, ২০২৫ শৃংখলাৱদ্ধভাৱে সম্পন্ন হোৱাৰ বাবে তামুলপুৰ জিলাৰ জিলা দণ্ডাধীশ পংকজ চক্ৰৱৰ্তীয়ে ভাৰতীয় নাগৰিক সুৰক্ষা…

    • Current
    • September 17, 2025
    • 13 views
    • 1 minute Read
    Tamulpur: Dumper Trapped in Rising Waters of Kalanadi River

    Telegram

    TelegramTweetTamulpur: Dumper Trapped in Rising Waters of Kalanadi River   Tamulpur’s Kumarikata witnessed a dramatic incident when a dumper truck got stranded midstream in the Kalanadi river following a sudden…

    Leave a Reply

    Your email address will not be published. Required fields are marked *