
উত্তৰ পূব সীমান্ত ৰেলৱেৰ আৰপিএফ ৰ দ্বাৰা যোৱা মাহত
৫৬ গৰাকী নাবালক-নাবালিকা আৰু ০৪ গৰাকী মহিলাক উদ্ধাৰ
২৩ জন অবৈধ অনুপ্ৰৱেশকাৰীক কৰায়ত্ত
মালিগাঁও, ০৮ ডিচেম্বৰ, ২০২৪:
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ) ১ ৰ পৰা ৩০ নৱেম্বৰ, ২০২৪ তাৰিখ পৰ্যন্ত চলোৱা বিভিন্ন অভিযানত আগৰতলা, জিৰণীয়া আৰু ধৰ্মনগৰ ৰে’ল ষ্টেচনৰ পৰা ২৩ জন বাংলাদেশী নাগৰিকক আটক কৰে। তদুপৰি, ৰেলৱে সুৰক্ষা বাহিনীয়ে এই সময়ছোৱাত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বিভিন্ন ষ্টেচনৰ পৰা ৫৬ গৰাকী নাবালক-নাবালিকা আৰু ০৪ গৰাকী মহিলাক উদ্ধাৰ কৰে।
শেহতীয়াকৈ ২৭ নৱেম্বৰ, ২০২৪ তাৰিখে সংঘটিত এটা ঘটনাত, কাটিহাৰৰ ৰেলৱে সুৰক্ষা বাহিনীৰ দলে কাটিহাৰৰ ৰেল ষ্টেচনত তালাচী চলায়। তালাচীৰ সময়ত তেওঁলোকে কাটিহাৰ ৰেল ষ্টেচনৰ পৰা এজন পলায়ন কৰা নাবালক ল’ৰাক উদ্ধাৰ কৰে। পিছত নাবালক ল’ৰাজনৰ সঠিক ঠিকনা নিশ্চিত কৰাৰ পিছত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে চাইল্ড লাইন, কাটিহাৰৰ হাতত গতাই দিয়া হয়।
২১ নৱেম্বৰ, ২০২৪ তাৰিখৰ এক ঘটনাত, ধৰ্মনগৰ ৰেলৱে সুৰক্ষা বাহিনী আৰু বিএছএফ/৯৭ বিএন/শ্বিপিনজুৰি দলে ধৰ্মনগৰ ৰেল ষ্টেচনত যুটীয়াভাৱে নিয়মিত তালাচী চলায়। তালাচীৰ সময়ত, তেওঁলোকে চাৰিজন বাংলাদেশী নাগৰিকক চিনাক্ত কৰে। সোধা-পোছা কৰাৰ সময়ত তেওঁলোকে কোনো বৈধ নথি পত্ৰ দেখুৱাব নোৱাৰিলে আৰু পিছত স্বীকাৰ কৰে যে তেওঁলোকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। পিছত, চাৰিওজন বিদেশী নাগৰিকক কৰায়ত্ত কৰা হয় আৰু পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে বিএছএফ/৯৭ বিএন/শ্বিপিনজুৰিক গতাই দিয়া হয়।
ষ্টেচন আৰু ৰেলসমূহত নিয়োজিত ৰেলৱে সুৰক্ষা বাহিনীৰ জোৱানসকল সদায় সতৰ্ক আৰু সীমান্ত অঞ্চলৰ পৰা অবৈধ অনুপ্ৰৱেশৰ প্ৰতি সদায় সজাগ হৈ থাকে। ৰেলৱে সুৰক্ষা বাহিনীয়ে ইয়াক প্ৰতিৰোধ কৰিবলৈ ৰেলৱে ষ্টেচন আৰু ৰেলসমূহত নিয়মিতভাৱে অবিৰত অনুসন্ধান চলাই আহিছে।ৰেলৱে সুৰক্ষা বাহিনীয়ে ৰে’ল যাত্ৰীসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত অপৰাধীৰ বিৰুদ্ধে অবিৰত যুঁজ চলাই আহিছে, মানৱ সৰবৰাহৰ সৈতে জড়িত সন্দেহযুক্ত ব্যক্তিৰ ক্ষেত্ৰত আৰু লগতে সন্দেহজনকভাৱে শিশুৰ চলাচল, সঠিক অভিভাৱক অবিহনে অকলে ভ্ৰমণ কৰা শিশু ইত্যাদিৰ বাবে সদায় সতৰ্ক হৈ আহিছে।