
আজিৰে পৰা আৰম্ভ অষ্টাদশ তামুলপুৰ গ্ৰন্থমেলা।
ছাত্ৰ-ছাত্ৰী সকলক পঢ়াৰ ধাউতি বঢ়াবলৈ হ’লে বিদ্যালয় সমূহত একোটাকৈ সাহিত্যৰ ক্লাছ কৰক । —ড° সূৰ্য হাজৰিকা।
তামুলপুৰ ২০ ডিচেম্বৰ।
ছাত্ৰ-ছাত্ৰী সকলক পঢ়াৰ ধাউতি বঢ়াবলৈ হ’লে বিদ্যালয় সমূহত একোটাকৈ সাহিত্যৰ ক্লাছ কৰক । –এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্য হাজৰিকাৰ। আজিৰে পৰা তামুলপুৰৰ প্ৰয়াত লেহোৰাম বড়ো ক্ষেত্ৰত আকাশীৰ উদ্যোগত আৰু তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত ছয় দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অষ্টাদশ তামুলপুৰ গ্ৰন্থমেলাৰ উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হাজৰিকাই পুণৰ কয়—ছাত্ৰ-ছাত্ৰী সকলে নিজে নিজে গ্ৰন্থমেলাত এনে এখন গ্ৰন্থবিচাৰি ক্ৰয় কৰি পঢ়ক, যিখন গ্ৰন্থই ছাত্ৰ-ছাত্ৰীক সকলক জীৱন আগুৱাই নিব পাৰিব। আজিৰ প্ৰজন্মই গ্ৰন্থ মেলা উৎসৱ লৈ ৰূপান্তৰ কৰিছে। সেয়েহে আমি সকলোৱে গ্ৰন্থমেলাক বিহুৰ দৰে উৎসৱ হিচাপে পালন কৰিব লাগিব। ভাষণ প্ৰসংগত তেওঁ পুণৰ কয়— গ্ৰন্থৰ কোনো মাধ্যম নাই, ছাত্ৰ ছাত্ৰী সকলে সকলো ভাষাৰ গ্ৰন্থ পঢ়ক। আমি অসম সাহিত্য সভাই এটা কাম হাতত লৈছোঁ। আমি যিবোৰ কথা-বতৰা পাতো সেইবোৰ যাতে বিভিন্ন ভাষাত আদান প্ৰদান কৰিব পাৰো তাৰ বাবে কাম কৰি আছো। ছাত্ৰ-ছাত্ৰী সকলে ছাত্ৰ অৱস্থাৰ পৰা সাহিত্যিৰ প্ৰতিধাৱমান হয় তেনেহলে অনাগত সময়ত একো একোজন ডাঙৰ সাহিত্যক হ’ব পাৰে বুলিও মন্তব্য কৰে। গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সভাপতি নাৰায়ণ ব্ৰহ্মৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি তামুলপুৰ জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়— সমাজত চলিবলৈ আমাক কিছুমান গুণৰ দৰকাৰ হয় ৷ আমি যিকোনো কথা এটা ভালকৈ বিশ্লেষণ কৰিব পাৰিছো নে নাই কেনেকৈ জীৱন আগবঢ়াই লৈ যাম এই কথা আমি কিতাপ পঢ়িলেহে জানিব পাৰি ৷ ভাষণ প্ৰসংগত তেওঁ কয়—আমাৰ মগজুৱে হল আমাৰ হাত ভৰিকে ধৰি গোটেই শৰীৰটোৰ চালিকা শক্তি ৷ মগজুক আমাৰ এটা ছফটৱেৰ বুলিব পাৰি৷ এই ছফটৱেৰটো আমি কিতাপ পঢ়ি আপগ্ৰেড কৰিব পাৰোঁ৷ সাম্প্ৰতিক সময়ত সমাজৰ মহামাৰী স্বৰূপ মেমৰী লষ্ট সমস্যাটো আমি কিতাপ অধ্যয়নৰ জৰিয়তে সমাধান কৰিব পাৰোঁ ৷ কিয়নো কিতাপ অধ্যয়ন কৰিলে আমাৰ মগজুৰ সঞ্চালন হয়, আমাৰ মাজত পজিটিভিটি বৃদ্ধি হয়৷ সেয়ে ছাত্ৰ-ছাত্ৰীকে ধৰি উপস্থিত সকলোকে কিতাপ পঢ়িবলৈ আহ্বান জনায় আয়ুক্ত গৰাকীয়ে। গ্ৰন্থমেলা পৰিচালনা সমিতিৰ সম্পাদক গণেশ ৰাভাই উদ্দেশ্য বাখ্যা কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বড়ো সাহিত্য সভাৰ উপ-সভাপতি প্ৰশান্ত বড়োৱে কয়— সামাজিক মাধ্যমে কেতিয়াও জ্ঞান দিব নোৱাৰে। তথ্যহে দিব পাৰে। কিন্তু এখন গ্ৰন্থই জ্ঞানৰ পোহৰ দিব পাৰে। সেয়েহে আমি কিতাপ পঢ়িব লাগিব। গ্ৰন্থমেলাৰ জৰিয়তে তামুলপুৰত কিতাপ পঢ়াৰ আন্দোলন গঢ়ি তুলিব লাগে। আমি সকলোৱে সকলো জাতি জনগোষ্ঠীৰ ভাষা শিকিব লাগে। তেতিয়া জ্ঞানৰ আদান প্ৰদান হ’ব। ইপিনে পুৱাৰ ভাগত পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গ্ৰন্থমেলাৰ মুখ্য দ্বাৰ উন্মোচন অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান অনুষ্ঠিত হয়।