অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হব সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন। 

  • Current
  • January 7, 2025
  • 0 Comments
Telegram

অহা ২৮ আৰু ২৯ জানুৱাৰীত অনুষ্ঠিত হব সদৌ বি টি আৰ বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নালাপাৰা আৰু ৰাজাগড় আঞ্চলিক সমিতিৰ দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশন। 

 

তামুলপুৰ আৰু ওদালগুৰিৰ জিলাৰ সীমামূৰীয়া নালাপাৰাত অনুষ্ঠিত হবলগীয়া এই অধিৱেনৰ আজি আনুষ্ঠানিক ভাৱে মাংগলীক পৰিৱেশত লাইখুঁটা স্থাপন কৰা হয়। 

আদৰণি সমিতিৰ উপ সভাপতি প্ৰশান্ত মজুমদাৰে আঁত ধৰা অনুষ্ঠানত BTR বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি তথা বৰ্তমানৰ বিজেপিৰ জেষ্ট নেতা শ্যামল সৰকাৰৰ উপস্থিতিত আজি সংগঠনৰ কর্মী সকলে আনুষ্ঠানিক ভাৱে নাম/কীৰ্তন কৰি স্থাপন কৰে অধিৱেশনৰ লাইখুটা।

 

বঙালী জাতিৰ কৃষ্টি,সংস্কৃতিৰে জীপাল হব লগা অধিৱেশন স্থলীত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক মণ্ডলীয়ে।

 

যৌথ ভাৱে দুয়োটা আঞ্চলিক সমিতিৰ এই দ্বাদশ দ্বী বাৰ্ষিক অধিৱেশনৰ বাবে উখল মাখল পৰিৱেশ সৃষ্টি হয় আজিৰে পৰা।

 

অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত একেলগে আগুৱাই যোৱাৰ লক্ষ্যৰে আৰু সৰ্বাংগীন উন্নতিৰ বাবে বিশদভাৱে আলোচনা হব অধিবেশনত।

 

বাৰেৰহনীয়া শোভাযাত্ৰাৰ লগতে বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব এই অধিৱেশন। লগতে অনুষ্ঠানৰ অন্তিম দিনা সাংস্কৃতিক সন্ধিয়া পৰিৱেশন কৰিব জনপ্ৰিয় গায়িকা মৰ্মিতা মিত্ৰই বুলি জানিব দিয়ে আদৰণি সমিতিৰ সভাপতি বিজয় বৈশ্য,সম্পাদক ৰাম সৰকাৰে।

  • Related Posts

    • Current
    • June 19, 2025
    • 3 views
    • 0 minutes Read
    তামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ প্ৰতিবাদ।

    Telegram

    TelegramTweetতামুলপুৰত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি তামুলপুৰ জিলা সদৰস্থ ঘগ্ৰাচ’কৰ লেহোবড়ো খেলপথাৰত দিনৰ বাৰ বজাৰ পৰা ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অসম…

    • Current
    • June 19, 2025
    • 3 views
    • 1 minute Read
    বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥

    Telegram

    TelegramTweet🔥বিজনীৰ শিলখাগুৰিত ভয়ংকৰ অগ্নিকাণ্ড🔥   আজিৰে পৰা বিজনীৰ ২নং শিলখাগুৰিত সংঘটিত হৈছে এটি ভয়ংকৰ অগ্নিকাণ্ড। শ্বাহজাহান আলী নামৰ এজন ব্যক্তিৰ দোকানত আকস্মিকভাৱে জুই লগি যায়। জুইৰ তীব্ৰতাত মুহূৰ্ততে জাহ যায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *