
অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ দ্বিপাক্ষিক বৈঠক আজি
আজি অনুষ্ঠিত হ’ব অসম আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীসকলৰ গুৰুত্বপূর্ণ দ্বিপাক্ষিক বৈঠক। এই বৈঠকত অংশ গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কেংছাংমা।
দুয়ো ৰাজ্যৰ মাজত সীমান্ত সম্পৰ্কীয় বিভিন্ন জটিলতা আৰু উন্নয়নমূলক প্ৰকল্পক লৈ এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে আগতে হোৱা বৈঠকসমূহত কিছু অগ্ৰগতি দেখা গৈছিল, আৰু এই বৈঠকেও সীমান্ত সঙ্কটৰ সমাধানৰ দিশত এক নতুন পথ দেখুৱাব বুলি আশা প্ৰকাশ কৰিছে দুয়ো ৰাজ্যৰ চৰকাৰে।
ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে, এই বৈঠক দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত শান্তি, সম্প্ৰীতি আৰু সহযোগিতাৰ বাতাবৰণ গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ পদক্ষেপ হব।
উল্লেখযোগ্য যে, অসম-মেঘালয় সীমান্তত কেতবোৰ অঞ্চল এতিয়াও বিতৰ্কিত হৈ আছে, আৰু এই ক্ষেত্ৰত স্থায়ী সমাধান বিচাৰি দুয়ো চৰকাৰ আগবাঢ়ি আহিছে। বৈঠকৰ অন্তত দুয়ো মুখ্যমন্ত্ৰীয়ে এক সংযুক্ত সংবাদমেলযোগে প্ৰগতিৰ বিষয়ে অৱগত কৰিব বুলি জানিব পৰা গৈছে।
উদ্ভৱনী খবৰ পাবলৈ লগ থাকক।