অম্বুবাচী মহাযোগত ভক্তসেৱা চলাই থকা গৰিয়া পৰিষদৰ বিপণী ভাঙি লণ্ডভণ্ড – তদন্তৰ দাবী

Telegram

অম্বুবাচী মহাযোগত ভক্তসেৱা চলাই থকা গৰিয়া পৰিষদৰ বিপণী ভাঙি লণ্ডভণ্ড – তদন্তৰ দাবী

 

গুৱাহাটী, ২৪ জুন, ২০২৫

অসম গৰিয়া পৰিষদৰ তৰফৰ পৰা ২২ জুন ২০২৫ তাৰিখৰ পৰা শ্ৰীশ্ৰী মা কামাখ্যা মন্দিৰৰ পবিত্ৰ নীলাচল পৰ্বতত অনুষ্ঠিত বিশ্বখ্যাত অম্বুবাচী মহাযোগ উপলক্ষে আগন্তুক ভক্তসকলৰ মাজত বিনামূলীয়া বিশুদ্ধ খোৱাপানী বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই উদ্দেশ্যে পৰিষদে মহাযোগস্থলীত নিজৰ ব্যৱস্থাপনাত এখন বিপণী স্থাপন কৰি এই সেবা প্ৰদান আৰম্ভ কৰিছিল।

 

কিন্তু দুখজনকভাৱে, ২৩ জুনৰ নিশা প্ৰায় ২ বজাত প্ৰায় ৫০ জনীয়া এখন অচিনাক্ত দল হঠাতে পৰিষদৰ সেই পানী বিতৰণ বিপণীখনত আক্ৰমণ চলায়। দুৰ্বৃত্তসকলে বিপণীখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰাৰ লগতে তাত সঞ্চিত থকা বিপুল পৰিমাণৰ পানীৰ বখা বিনষ্ট কৰে। ইয়াতে সীমাবদ্ধ নথাকি, তেতিয়াৰ সময়ত বিপণীত উপস্থিত থকা পৰিষদৰ এগৰাকী সদস্যকো প্ৰাণে মৰাৰ ভাবুকি দিয়ে।

 

এনে নিন্দনীয় ঘটনাই কেৱল পৰিষদক নহয়, ভক্তসকলো ভুক্তভোগী হয়। সাধাৰণ ৰাইজৰ সেৱাৰ উদ্দেশ্যে কৰ্মৰত এক সামাজিক সংগঠনৰ ওপৰত এই আক্ৰমণে অমানবিকতাৰ সীমা উলংঘা কৰিছে।

 

এই পৰিপ্ৰেক্ষিতত অসম গৰিয়া পৰিষদে জিলা উপায়ুক্ত (DC) মহোদয়ৰ ওচৰত এই দুৰ্বৃত্তসকলক চিনাক্ত কৰি তদন্ত আৰম্ভ কৰাৰ লগতে দোষীসকলৰ বিৰুদ্ধে আইনানুগ পদক্ষেপ গ্ৰহণ কৰিবলৈ বিনম্ৰ আবেদন জনাইছে।

 

সংগঠনে লগতে জনায় যে, সকলো বাধা সত্ত্বেও ভক্তসকলৰ সেৱাত তেওঁলোকে অটলভাৱে অগ্ৰসৰ হৈ থাকিব।

  • Related Posts

    আধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি

    Telegram

    TelegramTweetআধাৰ নাগৰিকত্বৰ প্ৰমাণ নহয়, তথাপিও পৰিচয় আৰু বাসস্থানৰ বৈধ নথি   নতুন দিল্লীঃ আধাৰ কাৰ্ডক নাগৰিকত্বৰ প্ৰমাণ হিচাপে গণ্য কৰিব নোৱাৰি বুলি পুনৰ একেবাৰে স্পষ্ট কৰিছে কেন্দ্ৰীয় চৰকাৰে। যদিও নাগৰিকত্বৰ…

    • Current
    • September 15, 2025
    • 5 views
    • 1 minute Read
    মৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ

    Telegram

    TelegramTweetমৰাণত CAA আৰু প্ৰৱজন-বিদেশী আইন ২০২৫ ৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ তীব্ৰ প্ৰতিবাদ   ডিব্ৰুগড়, ১৫ ছেপ্টেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন (CAA) তথা চমুকৈ কা আৰু গৃহ মন্ত্ৰালয়ে প্ৰণয়ন কৰা প্ৰৱজন…

    Leave a Reply

    Your email address will not be published. Required fields are marked *